বাক্সা, 23 জুলাইঃ কৰ’ণা মহামাৰীৰ আতংকময় পৰিৱেশ আৰু বানপানীয়ে সংহাৰি ৰূপ ধাৰণ কৰা সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বগাজুলিৰ মাইনাওপাৰাত তিনিদিন ধৰি বৃহৎ বনৰীয়া হাতীৰ জাক এটাই মুক্ত ভাৱে গামেৰী গছৰ বাগানত বিচৰণ কৰি থকাত স্থানীয় লোকসকল আতংকিত হৈ পৰিছে । ফলত স্থানীয় লোকসকল হাতীৰ জাকটো খেদিবলৈ দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে ।
ইতিমধ্যে বন বিভাগৰ লোক সকলে বনৰীয়া হাতীৰ জাকটো খেদি পঠিওৱাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে যদিও বৰ্তমান লৈকে হাতীৰ জাকটো খেদিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়কঃ অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ