ETV Bharat / state

পৰিভ্ৰমী পক্ষীৰ কাকলিত জীপাল বাক্সাৰ আলাগজাৰ গাঁও - exotic birds of different species

বাক্সাৰ বৰমাৰ আলাগজাৰ গাঁৱত পৰিভ্ৰমী পক্ষীৰ আগমণে সমগ্ৰ পৰিৱেশটো জীপাল কৰি তুলিছে ৷ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ বিদেশী চৰাইৰে ভৰি পৰিছে আলাগজাৰ গাঁৱত ৷

পৰিভ্ৰমী পক্ষীৰ কাকলিত জীপাল বাক্সাৰ আলাগজাৰ গাঁও

author img

By

Published : Dec 30, 2020, 8:50 AM IST

বাক্সা 30 ডিচেম্বৰ : শীতৰ আগমণৰ লগে লগে বাক্সা জিলাত দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য ৷ সম্পত্তি বৰমাৰ আলাগজাৰ গাঁৱত বিভিন্ন চৰাইৰ আগমণে সমগ্ৰ পৰিৱেশটোৰেই সৌন্দৰ্যবৰ্ধন কৰি আছে ৷

পৰিভ্ৰমী পক্ষীৰ কাকলিত জীপাল বাক্সাৰ আলাগজাৰ গাঁও
বাক্সা জিলাৰ বৰমাৰ আলাগজাৰ গাঁৱত এতিয়া পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ বিদেশী চৰাই আহি ভৰি পৰিছে ৷ জানিব পৰা মতে প্ৰতিবছৰে নবেম্বৰৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈ এই চৰাইবোৰক এই ঠাইত দেখিবলৈ পোৱা যায় ৷

ৰাইজে এই পক্ষীবোৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কোনো দুষ্ট চক্ৰই যদি পক্ষী নিধন কৰে তেতিয়া হলে 500 টকাকৈ জৰিমনা ভৰিব লাগিব ৷ ৰাইজৰ এনে ব্যৱস্থাই প্ৰকৃতিপ্ৰেমী ৰাইজক পক্ষী নিধন হ্ৰাস কৰাত বহু পৰিমাণে উৎসাহ আগবঢ়াইছে ৷

লগতে পঢ়ক : নতুন বছৰতে অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.