বৰমা,20মে': বাক্সাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ লক ডাউনৰ মাজতে বাক্সাৰ ভাৰত- ভূটান সীমান্তৰ ২ নং শান্তিপুৰত পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ৷ঘটনাৰ বিৱৰণ অনুসৰি, বাক্সা জিলাৰ নিকাছী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং শান্তিপুৰৰ লেবেল ৰামচিয়াৰী আৰু পত্নী ফেচী ৰামচিয়াৰীৰ মাজত দৈনিক সংঘটিত হৈ আহিছিল মাৰপিটৰ ঘটনা ৷ স্বামী লেবেল ৰামচিয়াৰীয়ে নিজ পত্নীৰ পৰপুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰি আহিছিল ৷যাৰ পৰিণতিত 14মে'ৰ নিশা লেবেল ৰামচিয়াৰীয়ে পত্নী ফেচী ৰামচিয়াৰীক খুকুৰীৰে আক্ৰমণ কৰি হত্যা কৰে ৷ হত্যা কৰাৰ পিছত তিনি সন্তানৰ মাতৃ ফেচী ৰামচিয়াৰীক ঘৰৰ ভিতৰতে গাঁত খান্দি পুতি থয় লেবেল ৰামচিয়াৰীয়ে ৷ইপিনে বিগত পাঁচদিনেই মহিলাগৰাকীক নেদেখি গাঁওৰ ৰাইজে হেঁচা প্ৰয়োগ কৰে লেবেল ৰামচিয়াৰীক৷ তাৰপিছতে গাঁওৰ গাঁওবুঢ়া সোমনাথ শৰ্মাৰ আগত নিজ পত্নীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থোৱা বুলি স্বীকাৰ কৰে ৷
আনহাতে,গাঁওৰ ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মুছলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোজ দলেৰ উপস্থিতিত গাত খান্দি আৰক্ষীয়ে মৃতদেহতো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী লেবেল ৰামচিয়াৰীক গ্ৰেপ্তাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷
লগতে পঢ়কঃৰাজ্যপালে ভংগ কৰিলে লকডাউনঃ ছচিয়েল মিডিয়াত সৰৱ হাগ্ৰামা !