ETV Bharat / state

বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

author img

By

Published : Sep 12, 2020, 4:59 PM IST

বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাইছে কেইবাটাও পৰিয়ালে ৷ ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷

The elephant-human conflict in Baksa
বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

বৰমা, 12 ছেপ্তেম্বৰ : বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ দৈনিক বনৰীয়া হাতীয়ে সীমান্ত অঞ্চলৰ ভূটানখুটিত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাত এতিয়া অঞ্চলটোৰ ৰাইজে কটাবলগীয়া হৈছে উজাগৰী নিশা ৷

বাক্সাত বনৰীয়া হাতীৰ উপদ্ৰৱ

ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে দৈনিক অঞ্চলটোত প্ৰৱেশ কৰি কেবাটাও পৰিয়ালৰ তামোলবাৰীৰ বিস্তৰ ক্ষতিসাধান কৰে ৷ ইয়াৰ দুদিন পূৰ্বেও বনৰীয়া হাতীৰ জাকটোৱে চাৰিটা পৰিয়ালৰ তামোলবাৰীত সোমাই তিনি শতাধিক তামোল গছ উভালি পেলোৱাৰ পিচত শনিবাৰে তিনিটা পৰিয়ালৰ তামোলবাৰীত উপদ্ৰৱ চলায় ৷

শনিবাৰে গাঁওখনৰ ৰেখা বৰাল,ভদ্ৰ গয়াৰী আৰু মাধৱ অধিকাৰীৰ তামোলবাৰীত সোমাই ডেৰ শতাধিক তামোলগছ উভালি পেলোৱাৰ লগতে ভাঙি-চিঙি লণ্ড-ভণ্ড কৰে ৷ এতিয়া অঞ্চলটোৰ ৰাইজে নিশা হ’লেই পথত জুই জ্বলাই পহৰা দি হাতী খেদাৰ ব্যৱস্থা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ইপিনে বন বিভাগক খবৰ দিয়া হৈছে যদিও বনবিভাগে হাতী খেদাৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷ অভিযোগ অনুসৰি, বন বিভাগে গাঁওখনত চাৰি পাঁচটা ফটকা বম দিয়ে সামৰিছে নিজৰ দায়িত্ব ৷ যাৰ ফলত প্ৰাণ আৰু সম্পত্তিৰ নিৰাপত্তা বিচাৰি এতিয়া শংকিত হৈ পৰিছে গঞা ৰাইজ ৷

লগতে চাওক-আঞ্চলিক ৰাজনৈতিক সমীকৰণ : সংগঠিত নহ'লে লাভান্বিত হ’ব নেকি বিজেপি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.