ETV Bharat / state

চেন্নাইত কৰ’ণাত প্ৰাণ হেৰুৱালে বাক্সাৰ শিক্ষকে

author img

By

Published : May 11, 2021, 7:20 PM IST

চেন্নাইত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে বাক্সাৰ দুৰ্ভগীয়া শিক্ষক নাৰায়ণ ভট্টৰায়ে ৷ বছৰ বছৰ শিক্ষকতা কৰিও প্ৰাদেশীকৰণ নহ'ল নাৰায়ণৰ চাকৰি ৷

teacher-narayan-bhattyaray-death-in-chennai-due-to-corona
চেন্নাইত কৰ’ণা আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে বাক্সাৰ দূৰ্ভগীয়া শিক্ষক নাৰায়ণ ভট্টৰাই

বাক্সা,১১ মে’: চেন্নাইত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দুৰ্ভগীয়া শিক্ষক নাৰায়ণ ভট্টৰায়ে । বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত দাৰাগাঁৱৰ বিষ্ণু ভট্টৰায়ৰ পুত্ৰ নাৰায়ণ ভট্টৰায়ে দাৰাগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল ৷ বছৰ বছৰ শিক্ষকতা কৰিও ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম বঞ্চনাৰ বলি হোৱা শিক্ষকগৰাকী উপায়হীন হৈ বহিৰাজ্যলৈ গৈছিল সংস্থাপন বিচাৰি ৷

উল্লেখ্য যে, দুৰ্ভগীয়া শিক্ষক নাৰায়ণ ভট্টৰায়ৰ পিতৃ বিষ্ণু ভট্টৰায়ে ১৯৮৩ চনত নিজ গাঁৱতে দাৰাগাঁও প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষক হিচাপে প্ৰথমাৱস্থাত কাম কৰিছিল ৷ কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে ২০১০ চনত বিষ্ণু ভট্টৰায়ে শিক্ষকতা বাদ দিয়াত পুত্ৰ নাৰায়ণ ভট্টৰায়ে বিদ্যালয়খনত নিয়োজিত হয় । লক্ষণীয়ভাৱে ২০১৩ চনত অসম চৰকাৰে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ সময়ত নাৰায়ণৰ পদটো প্ৰাদেশীকৰণৰ আওতাৰ পৰা বাদ পৰে ৷

চেন্নাইত কৰ’ণাত প্ৰাণ হেৰুৱালে বাক্সাৰ শিক্ষকে

ইয়াৰ পিছতো নাৰায়ণে আৰ্থিক দীনতাৰ মাজতো শিক্ষাদান কাৰ্য অব্যাহত ৰাখে যদিও পুনৰ শিক্ষা বিভাগৰ বঞ্চনাৰ বলি হৈ ২০২০ চনত স্থায়ী নিযুক্তি লাভৰ পৰা বঞ্চিত হয় ৷ ফলত শিক্ষা বিভাগৰ প্ৰতি বিতুষ্ট হৈ আৰু পৰিয়ালক আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে দুমাহ পূৰ্বে সংস্থাপন বিচাৰি চেন্নাইলৈ গৈ এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হ’বলগীয়া হয় ৷ যোৱা ২৮ এপ্ৰিলত কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত সোমবাৰে চেন্নাইতে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া নাৰায়ণ ভট্টৰায়ে ।

উল্লেখ্য যে, নাৰায়ণে মৃত্যুৰ পূৰ্বে তেওঁৰ ফেচবুক পোষ্টত দুৰ্দশাৰ বিষয়ে এইদৰে লিখিছিল যে "দেউতা-ল'ৰা মিলি সুদীৰ্ঘ ৩৮ বছৰে শিক্ষকতা কৰি অৱশেষত পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ চেন্নাইলৈ বেজাৰ মনেৰে যাত্ৰা কৰিবলগা হয়" । প্ৰণিধানযোগ্য যে, তিনি বছৰ পূৰ্বে পিতৃহাৰা হোৱা নাৰায়ণে বিগত বৰ্ষত কণিষ্ঠ ভাতৃকো হেৰুৱাইছিল ৷

মঙলবাৰে নাৰায়ণৰ মৃত্যুত অভিভাৱকহীন হৈ পৰিল পৰিয়ালটো ৷ মৃত্যুৰ সময়ত নাৰায়ণে মাতৃৰ লগতে পত্নী আৰু তিনি কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায় ৷ ইপিনে, শিক্ষা বিভাগৰ দ্বাৰা বঞ্চিত হৈ বহি:ৰাজ্যত কৰ্ম সংস্থান বিচাৰি গৈ এগৰাকী শিক্ষকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : মৰিগাঁৱৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবীত সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.