তামুলপুৰ, 12 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ গ্ৰামীন বিকাশ বেংকৰ শাখা পৰিচালক কোভিড -১৯ ত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে উক্ত বেংকটোৰ শাখা কাৰ্যালয়টো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷
উল্লেখ্য যে, বাক্সাৰ তামুলপুৰ গ্ৰামীন বিকাশ বেংকৰ শাখা পৰিচালক পাপুমনি ডেকাৰ (৩০) দেহত কোভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে ৷ পৰিচালকগৰাকীৰ দেহত কোভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাত বেংকৰ কৰ্মচাৰী আৰু বেংক এলেকাত থকা ব্যৱসায়ীসকলৰ মাজত আতংকই বিৰাজ কৰিছে । নলবাৰী জাপাৰকুছি নিৱাসী পাপুমনি ডেকাৰ যোৱা ৯ জুলাইৰ দিনা বেংকটোৰ শাখা পৰিচালক আৰু কৰ্মচাৰীসকলৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল আৰু দেওবাৰে পৰিচালকগৰাকীৰ স্বাৱ টেষ্টৰ ফলাফল পজিটিভ বুলি ওলায় । ইতিমধ্যে তামুলপুৰ স্বাস্থ্য বিভাগে বেংকটো কন্টেইনমেন্ট জ'ন ঘোষণা কৰে ৷ সামাজিক দূৰত্ব উলংঘা কৰি গ্ৰাহক সকলেও বেংকটোত কালিলৈকে ভিৰ কৰা বুলি জানিব পৰা গৈছে । যোৱা শুকুৰবাৰে পৰিচালক পাপুমনি ডেকাই বেংকত উপস্থিত থাকে । এলেকাটোৰ চাহ দোকান, পান দোকান, চেলুন আদিত বেংকৰ গ্ৰাহকসকল সংস্পৰ্শলৈ অহাত ব্যৱসায়ীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে ।
তামুলপুৰ স্বাস্থ্য বিভাগৰ কোভিড -১৯ ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ গৌতম মেধিয়ে জনোৱা মতে বেংক কৰ্মচাৰী আৰু এলেকাটোৰ ব্যৱসায়ীসকলৰ স্বাৱ এসপ্তাহৰ ভিতৰত লোৱা হ'ব বুলি জনাইছে । চিকিৎসকগৰাকীয়ে জনোৱা মতে এসপ্তাহ পিচত স্বাৱ সংগ্ৰহ কৰিলেহে সঠিক ফলাফল লাভ কৰিব পৰা যাব বুলি সাংবাদিকৰ আগত সদৰি কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক- মৰিয়নীত পুনৰ 6 জনৰ দেহত COVID-19