ETV Bharat / state

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Oct 4, 2020, 4:38 PM IST

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দেওবাৰে বাক্সাৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে নদীক যিমানে বাধা দিয়ে সিমানেই তাৰ শক্তি বৃদ্ধি পায় বুলি প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে মন্তব্য কৰে প্ৰতিবাদৰ সন্মুখীন হোৱা নেতাগৰাকীয়ে ৷

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

বাক্সা, 4 অক্টোবৰ: দেওবাৰে একাংশ ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ বাক্সাৰ ধমধমা হৈ গড়ভিতৰলৈ আহি থকা অৱস্থাত মাজ বাটতে একাংশ বিৰোধীয়ে বাধা প্ৰদান কৰে বিতৰ্কৰ আৱৰ্তত থকা নেতাগৰাকীক ৷ এই ঘটনাৰ পাচতে দুয়োপক্ষৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, "আজি অসমত আমি হিন্দু হৈ মুকলিকৈ ঘূৰিব পৰা নাই ৷ ভিন্ন স্থানত কিছুমান জেহাদী, আততায়ীয়ে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তেওঁলোকে ভয় কৰিছে, ক'ৰবাত তেওঁলোকৰ হাজাৰ বছৰীয়া ষড়যন্ত্ৰবোৰ মুকলি হৈছে ৷ তেওঁলোকে মোৰ কথাবোৰ যুক্তিৰে খণ্ডন কৰিব নোৱাৰি এনেদৰে বাধা প্ৰদান কৰিছে ৷ কিন্তু নদীক যিমানে বাধা দিয়ে সিমানেই তাৰ শক্তি বৃদ্ধি পায় ৷"

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

আনহাতে নেতাগৰাকীক বাধা প্ৰদান কৰা প্ৰতিবাদকাৰী সকলে সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিয়াৰ চেষ্টা কৰি আছে বুলি অভিযোগ উত্থাপন কৰে ৷ সকলো সময়তে সাম্প্ৰদায়িক মন্তব্য কৰা সত্যৰঞ্জন বৰাই যাতে সেই পথ অতিক্ৰম কৰি যাব নোৱাৰে তাৰ বাবে তেওঁলোকে বাধা প্ৰদান কৰে বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ তেওঁলোকৰ অভিযোগ, সত্যৰঞ্জন বৰাই এটা নিৰ্দিষ্ট জাতিক লক্ষ্য হিচাপে লৈছে ৷ সত্যৰঞ্জন বৰাক প্ৰতিবাদকাৰী সকলে "দালাল" আখ্যা দি অসমৰ হিন্দু-মুছলমানৰ মাজত থকা সম্প্ৰীতিৰ মাজত বিভেদৰ বীজ সিঁচাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: বৰপেটা-নলবাৰী জিলাৰ সীমান্তত 'ৰাইজৰ দল'ৰ নেতাক আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.