তামুলপুৰ, 19 অক্টোবৰ : ইটোৰ পাছত সিটো জেহাদী গ্ৰেপ্তাৰ হৈছে তামুলপুৰত (Jihadi arrested at Tamulpur)৷ তামুলপুৰৰ ২ নং ডোঙাৰগাঁৱৰ এখন মাদ্ৰাছাৰ পৰা গ্ৰেপ্তাৰ কৰা আনছাৰুল বাংলা টিম আৰু অল কায়দা ইন ইণ্ডিয়ান চাব-কণ্টিনেণ্টৰ চাদেক আলীক নামৰ সদস্যটোক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ জেহাদীটোক গ্ৰেপ্তাৰ পাছতে আৰক্ষীয়ে লাভ কৰিছে ন-ন তথ্য ৷ গ্ৰেপ্তাৰ হৈছে এটাৰ পাছত আনটো জেহাদী ৷
আনচাৰুল্লা বাংলাদেশী টীম(Ansarullah Bangla Team) আৰু অল কায়দা ইন ইণ্ডিয়ান চাব-কণ্টিনেণ্টৰ(Al Qaeda Indian Subcontinent) জেহাদী চাদেক আলী আৰু জাবিদুল আলীক চলোৱা জেৰাৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য । এই সন্দৰ্ভত বুধবাৰে তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে(Tamulpur Additional SP) এক সংবাদমেল সম্বোধন কৰি বহু কথা জানিবলৈ দিয়ে ৷
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি চাদেক আলী আৰু জাবিদুল আলীক পৰিচালনা কৰিছিল বৰপেটাৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অল কায়দাৰ দুধর্ষ প্ৰশিক্ষণপ্ৰাপ্ত মুস্তাফিজুৰ ৰহমানে । মুস্তাফিজুৰ ৰহমানৰ পৰিচালনাত তামুলপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত চাদেক আলীয়ে গোপনে জেহাদী কাৰ্যকলাপৰ সৈতে আন একাংশ লোকক জড়িত কৰোৱাৰ চেষ্টা চলাই গৈছিল ।
তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই(Additional SP Parta Pratim Saikia) জনোৱা মতে মুস্তাফিজুৰ নিৰ্দেশত চাদেক আলীয়ে নতুনকৈ যুৱক নিযুক্ত কৰি ইছলামিক সন্ত্ৰাসবাদ চলোৱাৰ চেষ্টা কৰিছিল । লগতে উক্ত ঘটনাৰ লগত জড়িত জেহাদী কেইটাৰ পৰা বহু আপত্তি জনক নথি-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ ভয়ংকৰভাৱে জাল পেলোৱা জেহাদী সংগঠনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Jihadi in Assam) ৷
লগতে পঢ়ক : AHG allowance increased : গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি