ETV Bharat / state

বৰমা শাখা বড়ো সাহিত্য সভাৰ 50 বছৰৰ প্ৰস্তুতি

author img

By

Published : Nov 4, 2019, 2:32 AM IST

অসমৰ অন্যতম বড়োসকলৰ ভাষা-সংস্কৃতিৰ অন্যতম অনুষ্ঠান বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে যোজা কৰা হৈছে বৰমাত ৷ বৰমা শাখা সাহিত্য সভাৰ 50 বৰ্ষপূৰ্তি উপলক্ষে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 16 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হ'ব বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷

বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

বৰমা, 3 নৱেম্বৰঃ বড়োসকলৰ ভাষা-সংস্কৃতিৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সাজু হৈছে বৰমাবাসী ৷ বাক্সা জিলাৰ বৰমাত অহা 16 নৱেম্বৰত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব ৷ 16 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ বাবে দেওবাৰে বৰমাত লাইখুঁটা স্থাপন কৰা হয় ৷

লগতে পঢ়কঃ বিশিষ্ট সংগীত পৰিচালক জিতু-তপনক "অসম জাতীয় বিদ্যালয় সন্মান"

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে বৰমাবাসীৰ বাবে গৌৰৱৰ বিষয় হৈছ বৰমা শাখা বড়ো সাহিত্য সভা ৷ চলিত বৰ্ষত বৰমা শাখা বড়ো সাহিত্য সভাই গৌৰৱোজ্জল 50 বৰ্ষ সম্পূৰ্ণ কৰিব ৷ ইয়াৰ বাবেই বৰমাৰ বাথৌফুৰী সৌমখৌৰ পথাৰত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন কৰা হয় ৷ ৬২ নং বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন কৰে ৷

লাইখুঁটা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় য়ে, 'এটা জাতি জীয়াই থাকিবলৈ হ'লে সেই জাতিটোৰ ভাষা, সংস্কৃতি থাকিব লাগিব ৷ ভাষা অবিহনে এটা জাতিয়ে নিজৰ পৰিচয় দিব নোৱাৰে ৷' তিনিদিনীয়াকৈ উদযাপন কৰিবলগীয়া প্ৰতিষ্ঠা দিৱসৰ বাবে ইতিমধ্যে ৰজনীমোহন বড়োক সভাপতি আৰু দুলাল স্বৰ্গীয়াৰীক সম্পাদক হিচাপে লৈ এখন উদযাপন কমিটী গঠন কৰা হৈছে ৷ প্ৰায় 12 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বহুটো প্ৰতিনিধিৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব ৷

Intro:বৰমাত ৫০ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতিঃ Body:বৰমাত ৫০ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতিঃ
লাইখুঁটা স্থাপনঃ
বাগছা জিলা বৰমা শাখা বড়ো সাহিত্য সভাই অহা ১৬ নবেম্বৰ দিনটোত বড়ো সাহিত্য সভাৰ প্ৰতিস্থাপক দিনটোক তিনিদিনীয়াকৈ পালন কৰিবলৈ লৈছে ৷ বৰমা শাখা বড়ো সাহিত্য সভাই ইতিমধ্যে ৫০ সংখ্যক বৰ্ষত উপনীত হৈছে ৷ তদুপলক্ষে আজি বৰমাৰ বাথৌফুৰী সৌমখৌৰ পথাৰত আনুষ্ঠানিকভাবে লাইখুঁটা স্থাপন কৰে ৬২ নং বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ লাইখুঁটা স্থাপন কৰি দিয়া ভাষণত বিধায়ক গৰাকীয়ে কয় য়ে এটা জাতি জীয়াই থাকিবলৈ হলে সেই জাতিটোৰ ভাষা, সাংস্কৃতি থাকিব লাগিব ৷ ভাষা অবিহনে এটা জাতিয়ে নিজৰ পৰিচয় দিব নোৱাৰে বুলিও ভাষণত কয় ৷ উল্লেখ্য যে ৫০ সংখ্যক বৰমা শাখা বড়ো সাহিত্য সভাই অহা ১৪,১৫ আৰু ১৬ নবেম্বৰত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্য্যসুচীৰে বড়ো সাহিত্য সভাৰ প্ৰতিস্থাপক দিনটো পালন কৰিবলৈ লৈছে ৷ ইতিমধ্যে ৰজনীমোহন বড়োক সভাপতি আৰু দুলাল স্বৰ্গীয়াৰীক সম্পাদক হিচাপে লৈ উদযাপন কমিটি এখন গঠন কৰি দিয়ে ৷
বাইটঃ বিধায়ক মনেশ্বৰ ব্ৰহ্ম
বাইটঃ উদযাপন কমিটিৰ সভাপতি

বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমাত ৫০ সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতিঃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.