ETV Bharat / state

প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ

পাঠশালাত শিল দলিওৱাৰ ঘটনাত নৱ কুমাৰ শৰণীয়াৰ মানুহ জড়িত হৈ আছে যদি ধৰি দেখুওৱালৈ প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ ৷ লগতে, 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰমীলা ৰাণী ব্ৰহ্মৰ পৰাজয় নিশ্চিত বুলি ক'লে নৱ কুমাৰ শৰণীয়াই ৷

প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ
author img

By

Published : Aug 23, 2019, 5:51 PM IST

বাক্সা,23 আগষ্টঃ অভিযোগ, প্ৰতি-অভিযোগেৰে ক্ৰমাৎ গৰম হৈ পৰিছে বিটিএডিৰ ৰাজনীতি ৷ সাংসদ নৱ কুমাৰ শৰণীয়াই গঠন কৰা বিটিএডি সেনাক লৈ প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু এৱছুৰ সভাপতি প্ৰমোদ বড়োৱে কৰা মন্তব্যক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ ৷ শুকুৰবাৰে বাক্সা জিলাৰ দেৱচাৰাত এক আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহন কৰি শৰণীয়াই কয় বিটিএডি সেনা সশস্ত্ৰ সেনা নহয় ৷ বিটিচি অঞ্চলত চলি থকা অন্ধ বিশ্বাস, কুসংস্কাৰ, কৃষি,শিক্ষা আদি ক্ষেত্ৰৰ উন্নয়নৰ বাবেহে গঠন কৰা হৈছে বিটিএডি সেনা ৷

প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ

আনহাতে,মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মকো তীব্ৰ প্ৰত্যাহ্বান জনায় নৱ কুমাৰ শৰণীয়াই কয় যে,''পাঠশালাৰ ঘটনাৰ লগত যদিহে মোৰ মানুহ জড়িত আছে তেওঁলোকে ধৰি দেখুৱাই দিয়ক '' ৷ সাংসদগৰাকীয়ে প্ৰমিলাৰাণীৰ পূৰ্বৰ কিছু কু-কীৰ্তি উল্লেখ কৰি 2021 চনৰ বিধানসভা নিৰ্বাচনত নিজৰ সমষ্টিত পৰাজয় বৰণ কৰিব বুলি দৃঢ়তাৰে মত প্ৰকাশ কৰে ৷ ইয়াৰোপৰি,বিটিএডিত বিজেপি দলে নিৰ্বাচন খেলিব বিচৰা বিষয় সন্দৰ্ভতো সাংসদ নৱ কুমাৰ শৰণীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ তেওঁ লগতে কয়, মোক প্ৰতিহত কৰাৰ বাবে বিজেপিয়ে অভিসন্ধি ৰচনা কৰিছে যদিও তেঁওলোক সফল নহয় ৷

Intro:প্ৰমিলাৰাণী ব্ৰহ্মক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ
পাঠশালাৰ ঘটনাৰ লগত মোৰ মানুহ আছে যদি ধৰি দেখুৱাই দিয়কBody: অভিযোগ প্ৰতি অভিযোগেৰে ক্ৰমাত গৰম হৈ আহিছে বিটিএডিৰ ৰাজনীতি ৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিটিএডি সেনা গঠনক লৈ যেন টোপনি হৰিছে বিটিচিৰ শাসক বিৰোধীৰ ৷ বিটিএডি সেনাক লৈ প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু এৱছুৰ সভাপতি প্ৰমোদ বড়োৱে কৰা মন্তব্যক প্ৰত্যাহ্বান নৱ কুমাৰ শৰণীয়াৰ ৷ আজি বাক্সা জিলাৰ দেৱচাৰাত এক আধাৰশিলা স্থাপন কাৰ্যসুচীত অংশগ্ৰহন কৰি শৰণীয়াই কয় বিটিএডি সেনা সশস্ত্ৰ সেনা নহয় ৷ বিটিচি অঞ্চলত চলি থকা অন্ধ বিশ্বাস, কুসংস্কাৰ, কৃষি, শিক্ষা আদিত উন্নয়নৰ বাবে বিটিএডি সেনা ৷ সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰমোদ বড়োকো প্ৰত্যাহ্বান জনায় কয় যে আছুৱে অসম সেনা কিয় গঠন কৰিছিল সেই বিষয়ে প্ৰমোদ বড়োৱে সমুজ্বল ভট্টাচাৰ্যক এবাৰ সোধক ৷ আনহাতে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মকো তীব্ৰ প্ৰত্যাহ্বান জনায় কয় যে পাঠশালাৰ ঘটনাৰ লগত যদিহে মোৰ মানুহ জড়িত আছে তেওঁলোকে ধৰি দেখুৱাই দিয়ক ৷ সাংসদগৰাকীয়ে প্ৰমিলাৰাণীৰ পূৰ্বৰ কিছু কুকীৰ্তি উল্লেখ কৰি অহা বিধানসভা নিৰ্বাচনত নিজৰ সমষ্টিত পৰাজয় বৰণ কৰিব বুলি দৃঢ়তাৰে কয় ৷Conclusion: ইফালে বিটিএডিত বিজেপি দলে নিৰ্বাচন খেলিব বিচৰা বিষয় সন্দৰ্ভতো সাংসদ নৱ কুমাৰ শৰণীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে ৷ তেওঁ কয় যে নৱ কুমাৰ শৰণীয়াক প্ৰতিহত কৰাৰ বাবে বিজেপিয়ে অভিসন্ধি ৰচনা কৰিছে ৷ কিন্তু তেওঁলোক সফল নহয় ৷

ভাষ্য-- সাংসদ নৱ কুমাৰ শৰণীয়া ৷

Ajit Rabha BAKSA
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.