ETV Bharat / state

বিপিএফ দলত মেৰুবিভাজন ঘটিছে, মই এতিয়া বি পি এফ দলত নাইঃ বিধায়ক ইমানুৱেল মুছাহাৰী

আনহাতে, ২০২০ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বি পি এফৰ মিত্ৰজোঁট বিজেপিৰ পৰা প্ৰাৰ্থী দিয়া হৈছে, তেনে ক্ষেত্ৰত এটা সময়ত বি পি এফ দলৰ বিৰোধীতা কৰা ৰবীন বিশ্বাসক বিপিএফ দলৰ পৰা সমৰ্থন জনোৱাৰ বাবে জিলা বিপিএফ উঠি পৰি লাগিছে বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

author img

By

Published : Jun 7, 2020, 2:20 PM IST

MLA Emanuel Musahary
বিধায়ক ইমানুৱেল মুছাহাৰী

বাক্সা, 7 জুন : বৰ্তমান সময়ত বি পি এফ দলৰ মেৰু বিভাজন ঘটিছে । সাম্প্ৰতিক সময়ত বি পি এফৰ আন কোনো নাই বিৰোধীপক্ষ নাই, কেৱল বি পি এফ বনাম বিপিএফ । বিগত ১৭ টা বছৰ ৰাজনীতি কৰা বিপিএফ দলৰ মাজত আৰম্ভ হৈছে গৃহ কন্দল। দুই তিনি বছৰ আগতে যি সকলে দল এৰি অন্য দললৈ ঢাপলি মেলিছিল সেই সকলেই এতিয়া দলৰ চকুৰ মণি হৈ পৰিছে , এই মন্তব্য তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ ।

এসময়ত যি সকলে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিছিল, সেইসকলে বৰ্তমান বি পি এফ দলত উঠি ৰজা-বহি ৰজা হ'বলৈ সুবিধা পাইছে। এই ক্ষেত্ৰত প্ৰকৃত বিপিএফ দলৰ নেতা কৰ্মীয়ে যথেষ্ঠ দুখ পাইছে দেওবাৰে এক সাক্ষাৎকাৰত এই মন্তব্য কৰে বিধায়কগৰাকীয়ে। আনহাতে, ২০২০ ৰ বিটিচি পৰিষদীয় নিৰ্বাচনত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বি পি এফৰ মিত্ৰজোঁট বিজেপিৰ পৰা প্ৰাৰ্থী দিয়া হৈছে, তেনে ক্ষেত্ৰত এটা সময়ত বি পি এফ দলৰ বিৰোধীতা কৰা ৰবীন বিশ্বাসক বিপিএফ দলৰ পৰা সমৰ্থন জনোৱাৰ বাবে জিলা বিপিএফ উঠি পৰি লাগিছে বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

বিধায়ক ইমানুৱেল মুছাহাৰী

বিগত পাঁচ বছৰত পাঁচ বাৰকৈ দল সলোৱা তথা বিপিএফ দলৰ কোনো সংবিধান নমনা আৰু বিগত বিভিন্ন নিৰ্বাচনত বিপিএফ দলৰ বিৰুদ্ধে কাম কৰা নেতাক এতিয়া দলটোত পুনৰ আঁকোৱালি লোৱা কাৰ্য নাগ্ৰীজুলি অঞ্চলৰ প্ৰকৃত বি পি এফ দলৰ নেতা সকলে মানি লব খোজা নাই ৷ সেয়ে তেওঁলোকে পর্যায়ক্ৰমে বিপিএফ ত্যাগ কৰি আছে আৰু প্ৰতি সপ্তাহত পর্যায়ক্ৰমে বিপিএফ ত্যাগ কৰি যাব বুলিও ইমানুৱেল মুছাহাৰীয়ে মন্তব্য কৰে।

বিভিন্ন সংবাদ মাধ্যমত ইমানুৱেল মুছাহাৰী বিজেপি দলত যোগদান কৰা সন্দৰ্ভত প্ৰচাৰ চলিছে কিন্তু এই সন্দৰ্ভত তেওঁ এতিয়াও একো সিদ্ধান্ত লোৱা নাই বুলি জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.