ETV Bharat / state

বাক্সাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাক বিদায় সম্ভাষণ সাংবাদিক সন্থাৰ

author img

By

Published : May 18, 2021, 11:11 AM IST

বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাক বিদায় জনালে জিলাখনৰ সাংবাদিক সন্থাই ৷ গামোচা, আৰনাই, গোৰ্খা টুপী আৰু খদা, ফাইল ক’ভাৰ, কলম আদিৰে উপায়ুক্ত ৰঞ্জন শৰ্মাক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷

farewell-program-for-dc-ranjan-sarma
উপায়ুক্ত ৰঞ্জন শৰ্মাক বিদায়

বাক্সা,18 মে’: ৰাজ্য চৰকাৰৰ শেহতীয়া জিলা উপায়ুক্তৰ ৰদ-বদলত বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাকো বদলি কৰা হয় ৷ সেই হেতুকে সোমবাৰে উপায়ুক্তগৰাকীক বাক্সাৰ পৰা বিদায় সম্ভাষণ জনাই জিলাখনৰ কেইবাটাও সাংবাদিক সন্থাই ৷

উল্লেখ্য যে, 2019 চনৰ 13 নৱেম্বৰত বাক্সা জিলাৰ উপায়ুক্ত হিচাপে যোগদান কৰিছিল ৰঞ্জন শৰ্মাই । যোগদান কালৰে পৰা জিলাখনৰ উন্নয়নমূলক কামৰ তদাৰক কৰিবলৈ লোৱাৰ সময়তে ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ পৰে । তেতিয়াৰ পৰাই উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৰ’ণাত আক্ৰান্ত অঞ্চলসমূহ তদাৰক কৰি কৰ’ণাৰ সজাগতাক লৈ ব্যৱস্থা গ্ৰহণ কৰে ।

পৰৱৰ্তী সময়ত বিটিআৰত ৰাজ্যপালৰ শাসন জাৰি হোৱাৰ সময়তো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে উপায়ুক্ত শৰ্মাই । ইয়াৰ পাচত অনুষ্ঠিত বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনো সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হয় উপায়ুক্ত গৰাকীয়ে । জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত গৰাকীক বিদায় সম্ভাষণ জনাবলৈ অহা সাংবাদিকৰ আগত নিজৰ অভিমত ব্যক্ত কৰি জনতাৰ হৃদয়ৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই বাক্সা জিলাত কাম কৰি এক নতুন অভিজ্ঞতা লাভ কৰা বুলি মন্তব্য কৰে ।

বিদায় কাৰ্যসূচীত উপস্থিত থাকে বিটিএডি সাংবাদিক সন্থাৰ বাক্সা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বিনয় কুমাৰ বড়ো, সম্পাদক নিৰেণ কুমাৰ শৰ্মা, উপদেষ্টা খ্ৰৌমচাৰ বসুমতাৰী, বাক্সা জিলা সাংবাদিক সন্থাৰ পত্ৰিকা সম্পাদক দীপাংকৰ বৰুৱা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ বাক্সা জিলা সমিতিৰ সম্পাদক মনোহৰ ৰাজবংশী, কাৰ্য নিৰ্বাহক সদস্য দিলীপ বড়ো, মুছলপুৰ প্ৰেছ ক্লাবৰ সদস্য দেৱজিত নাথ আৰু নাৰায়ণ পৰাজুলি ৷

সকলোৱে পৃথকে পৃথকে গামোচা, আৰনাই, গোৰ্খা টুপী আৰু খদা, ফাইল ক’ভাৰ, কলম আদিৰে উপায়ুক্ত ৰঞ্জন শৰ্মাক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় ৷ ইয়াৰোপৰি বিদায় সম্ভাষণ কাৰ্যসূচীত উপস্থিত থাকে বাক্সা জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠক ৷

লগতে পঢ়ক : বৰপেটাত ক'ভিডত আক্ৰান্তৰ সংখ্যা 3,380 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.