বাক্সা, 13 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিৰ দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ একপ্ৰকাৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে ৷ বিভিন্ন সভা-সমিতি, ৰেলী অনুষ্ঠিত কৰি দলীয় শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে সকলো ৰাজনৈতিক দলে (BPF rally and Public Meeting in Baksa) ৷
আগন্তক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বি পি এফ দলে ৷ 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচীৰে শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ৷ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ এতিয়া BPF দলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী ৷ ইতিমধ্যে বিটিআৰৰ বিভিন্ন স্থানত ধাৰাবাহিকভাৱে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে দলটোৱে (BPF public rally in Baksa) ৷
বুধবাৰে বাক্সা জিলাৰ দিহিৰা আৰু মুছলপুৰত জনজাগৰণ সভা অনুষ্ঠিত কৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ৷ বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মীৰ সৈতে প্ৰায় চাৰি কিঃমিঃ পদযাত্ৰাৰে কাৰ্যসূচীত উপস্থিত হয় ৷ সহস্ৰাধিক লোকে হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বিপিএফ লং লিভ, ইউপিপিল গ' বেক আদি শ্ল'গানেৰে পদযাত্ৰাত অংশগ্ৰহণ কৰে (BPF hold public rally in Baksa) ৷
সভাত হাগ্ৰামা মহিলাৰীয়ে বি টি চি চিফ প্ৰমোদ বড়োক ক্ষুৰধাৰ সমালোচনা কৰে (Hagrama Mohilary slams Pramod Boro) ৷ তেওঁ প্ৰমোদ বড়োৱে চিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়িছে বুলি মন্তব্য কৰি শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চলাই দৈনিক ত্ৰিশৰ পৰা চল্লিশ লাখকৈ টকা সংগ্ৰহ কৰি আহিছে বুলিও মন্তব্য কৰে ৷
আনহাতে বিপিএফে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী হাতত লোৱাৰ পৰাই ইউ পি পি এল দলে ভয়ত আতংকিত হৈ তেওঁলোকেও একেই কাৰ্যসূচী লৈছে বুলি কটাক্ষ কৰে UPPL ক ৷ লগতে UPPL ৰ দিনত চৰকাৰী আবাস গৃহৰ নামত বহু কেলেংকাৰী সংঘটিত হৈছে বুলিও অভিযোগ কৰে মহিলাৰীয়ে (Hagrama Mohilary BPF Chief) ৷
উল্লেখযোগ্য যে, বুধবাৰে অনুষ্ঠিত হোৱা এই জনসভাত UPPL দলৰ কেইবাজনো গুৰুত্বপূৰ্ণ সদস্যই বিপিএফ দলত যোগদান কৰে ৷ সভাত বিপিএফ দলৰ কেইবাজনো বিধায়ক, ই.এম. আৰু বহু সংখ্যক দলীয় সদস্যই অংশগ্ৰহণ কৰে (Rally and public meeting in Baksa) ৷
লগতে পঢ়ক: Protest against Govt: এইবাৰ কাঁহী বাটি বজাবলৈ সাজু হৈছে কংগ্ৰেছ !