বাক্সা,5 মাৰ্চ: বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলৰ সাংস্কৃতিক ভৱনত "অল বড়োলেণ্ড ভিজুৱেল আৰ্টিষ্ট এছচিয়েচন"ৰ উদ্যোগত প্ৰথমবাৰলৈ চিত্ৰ শিল্পী শোভা ব্ৰহ্মৰ বাৰ্ষিকী পালন ৷ শুকুৰবাৰে পুৱাৰে পৰা পালন কৰা হৈছে শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত শিল্লী গৰাকীলৈ শুকুৰবাৰৰ দিনটোত অগণন গুণমুগ্ধই জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি৷ ইয়াৰ পাছতেই এছচিয়েচনৰ সভাপতি লৈহৰ লৈহৰ মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন বিশেষ সোঁৱৰণি সভা ৷ সভাত শিল্পী সকলক চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে অল বড়োলেণ্ড ভিজুৱেল আৰ্টিষ্ট এছচিয়েচনৰ উপদেষ্টা ৰবিৰাম ব্ৰহ্মই ৷ লগতে চৰকাৰৰ সহায় অবিহনে শিল্পী সকলে ৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি যোৱাত কিছু অসুবিধাৰ সন্মুখীন হয় বুলি মন্তব্য কৰে ৰবিৰাম ব্ৰহ্মই ৷
আনহাতে ভাষণত, ড৹ শোভা ব্ৰহ্মৰ নামত চৰকাৰে বটাঁ প্ৰদান কৰি শিল্পী সকলক উৎসাহিত কৰিব লাগে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰবিৰাম ব্ৰহ্মই৷ উল্লেখ্য যে, সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়াই ৷ পুৱা সভাপতি লৈহৰ লৈহৰ মুছাহাৰীয়ে এছচিয়েচনৰ পতাকা উত্তোলন কৰাৰ লগতে শোভা ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে এছচিয়েচনৰ উপদেষ্টা ৰবিৰাম ব্ৰহ্মই ৷ উল্লেখ্যনীয় যে,2012 চনৰ 5 মাৰ্চত মৃত্যু হৈছিল চিত্ৰ শিল্পী শোভা ব্ৰহ্মৰ ৷
লগতে পঢ়কঃ বিজেপি কৰ্মীৰ প্ৰতিবাদ