ETV Bharat / state

বাক্সাত ক’ভিড-19ত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু

author img

By

Published : May 12, 2021, 11:01 PM IST

মহিলা গৰাকী কৰ্ম সূত্ৰে ৰ্দীঘদিন ধৰি গুৱাহাটীত আছিল । সোমবাৰে ঘৰলৈ আহিছিল যদিও গুৱাহাটীতে বিগত কেইদিনমান ধৰি কাহ চৰ্দি জ্বৰত ভূগি আছিল বুলি জানিব পৰা গৈছে ।

বাক্সাত ক’ভিড-19ত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু
বাক্সাত ক’ভিড-19ত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু

বাক্সা, ১২ মে': দেশৰ সমান্তৰালকৈ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বাক্সা জিলাৰ বিভিন্ন প্ৰান্ততো দেখা পোৱা গৈছে ক'ৰণাৰ সংক্ৰমণ । বুধবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আওঁহাটা গাঁৱত এগৰাকী মহিলা ক'ভিড-1ত আক্ৰান্ত হৈ মৃত্যু হয় ৷

উল্লেখ্য যে, মহিলা গৰাকী কৰ্ম সূত্ৰে ৰ্দীঘদিন ধৰি গুৱাহাটীত আছিল । সোমবাৰে ঘৰলৈ আহিছিল যদিও গুৱাহাটীতে বিগত কেইদিনমান ধৰি কাহ চৰ্দি জ্বৰত ভূগি আছিল । স্বাস্থ্য অধিক অৱনতি হোৱা দেখি মহিলাগৰাকীক পৰীক্ষা কৰিবলৈ প্ৰথমে শালবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ লৈ যায় ৷ তাৰপিছতে ক'ভিড-১৯ ৰ পৰীক্ষা কৰাত মহিলাগৰাকীৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰে । যদিও পৰিতাপৰ বিষয় যে, কিছু সময় পিছতেই মহিলাগৰাকীয়ে বৰপেটা মেডিকলে কলেজতে মৃত্যুক সাৱটি লয়। সম্প্ৰতি মহিলাগৰাকীৰ ঘৰলৈ গাঁৱৰ সকলো লোকৰে আহযাহ বন্ধ কৰিছে গাঁওৱাসীয়ে প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে ৷

লগতে পঢ়কঃ অজান দেশলৈ গ’লগৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.