ETV Bharat / state

চিৰাঙত বান পৰিস্থিতি ভয়ানক - চিৰাং জিলা

চিৰাঙত বান পৰিস্থিতি ভয়ানক। কেবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীৰ ফলত জিলাখনৰ কেবাখনো নদীৰ পানী বিপদসীমাৰ ওপৰত বৈছে । শতাধিক গাঁও প্লাৱিত । কেবাটাও বান্ধ ভাঙি ক্ষতিগ্ৰস্ত কেবাহেজাৰ লোক।

চিৰাঙত বান পৰিস্থিতি ভয়ানক
চিৰাঙত বান পৰিস্থিতি ভয়ানক
author img

By

Published : Jul 10, 2020, 2:18 PM IST

চিৰাং,10 জুলাইঃ আজি ৰতিপুৱাৰে পৰা চিৰাং জিলাৰ কেবাখনো নৈৰ পানী ফেনে ফোটোকাৰে বাঢ়িছে । ভূটানৰ পৰা নামি অহা পানীয়ে বানপানীৰ সৃষ্টি কৰিছে । জিলাখনৰ শতাধিক গাঁও ইতিমধ্যে প্লাৱিত হৈছে । আমটেকা,আমগুৰি,নাঙলভাঙা,ওদালগুৰি,ছোটো আমগুৰি,ছাৰাপেটা,মাজৰাবাৰীকে আদি কৰি শতাধিক গাঁও পানীৰ তলত। হঠাতে বানপানীৰ সৃষ্টী হোৱাত আবদ্ধ হৈ পৰিছে বহু লোক । জিলাখনৰ কেবাঠাইত বান্ধ ভাঙি গাঁৱে গাঁৱে পানী সোমাইছে, ফলত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

চিৰাঙত বান পৰিস্থিতি ভয়ানক

বিজনীৰ ছাৰাপেটাত বান্ধ ভঙাৰ ফলত বিজনী চহৰলৈ আই নদীয়ে ভাবুকি কঢ়িয়াই আনিছে । জিলাখনৰ আই,মাক্ৰা,নিজলা,আইপোৱালি,টাক্লাই,ভূৰ আদি নৈৰ বাঢ়নি পানীয়ে ভয়াৱহ ৰূপত বিপদ কঢ়িয়াই আনিছে চিৰাং জিলাৰ কেবাশ গাঁৱলৈ ।

Chirang Extreme flood worst situation etv bharat assam news
কেবাখনো নদীৰ পানী বিপদসীমাৰ ওপৰত বৈছে
বছৰৰ এয়া দ্বিতীয়টো বানপানী চিৰাং জিলাত । প্ৰতি বছৰেই জিলাখনত এইদৰে ব‍্যাপক ক্ষতি কৰি আহিছে বান পানীয়ে । কিন্ত চৰকাৰে জিলাখনৰ বানপানী ৰোধ তথা গৰাখহনীয়াৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসু ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বানপানীত ককবকাই থকা লোকৰ ওচৰত নাই কোনো জনপ্ৰতিনিধি বা জিলা প্ৰশাসনৰ লোক। নিৰ্বচনী আচৰণ বিধি বলবৎ আছে বিটিচিত লগতে ৰাজ‍্যপালৰ শাসন বলবৎ থকা অৱস্থাত বন‍্যাৰ্ত ৰাইজ কাৰ ওচৰত সহায় বিচাৰি যাব সেই লৈ বিপাঙত বন‍্যাৰ্ত ।

কেবাটাও বান্ধ ভাঙি ক্ষতিগ্ৰস্ত কেবাহেজাৰ লোক
লগতে চাওকঃ দ্বিতীয়টো বানৰ কবলত গহপুৰ সমষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.