ETV Bharat / state

ৰাজ্যপালৰ শাসনেৰে গণতন্ত্ৰ নচলে : ৰাজেশ বৰাল

author img

By

Published : Oct 4, 2020, 6:28 PM IST

অতি শীঘ্ৰেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক সংবাদ মাধ্যমযোগে আহ্বান জনালে বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰালে ৷ দেওবাৰে দিহিৰা ব্লক সমিতিত অনুষ্ঠিত প্ৰথম সাধাৰণ সভাত অংশগ্ৰহণ কৰি বিটিচি পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰদান কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

ৰাজেশ বৰাল
ৰাজেশ বৰাল

বৰমা, 4 অক্টোবৰ: বিটিচিত ছমাহ ধৰি ৰাজ্যপালৰ শাসন চলি থকাত উন্নয়ন স্থবিৰ হৈ পৰিছে ৷ গতিকে বিটিচিত অতি শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু গণতন্ত্ৰ ৰক্ষা কৰিব লাগে ৷ কিয়নো ৰাজ্যপালৰ শাসনেৰে গণতন্ত্ৰ নচলে ৷ দেওবাৰে দিহিৰা ব্লক সমিতিত অনুষ্ঠিত প্ৰথম সাধাৰণ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰালে ৷ সাধাৰণ সভাখনৰ যোগেৰে দলীয় কৰ্মকৰ্তা সকলক দলটোৰ ৰণনীতি সম্পৰ্কে অৱগত কৰোৱা হয় বুলিও উল্লেখ কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

ৰাজ্যপালৰ শাসনেৰে গণতন্ত্ৰ নচলে: ৰাজেশ বৰাল

আনহাতে দলৰ পৰা টিকট নোপোৱাৰ বাবে সমষ্টিটো প্ৰাক্তন এমচিএলএ মুনসিং ব্ৰহ্মই নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ যোৱাটো নিৰ্বাচনতে ৰাইজে তেওঁৰ প্ৰতি থকা মনোভাৱ উদঙাই দিছে ৷ দিহিৰা সমষ্টিবাসী ৰাইজ তেওঁৰ পক্ষত নাই বৰঞ্চ এগৰাকী নতুন প্ৰাৰ্থীৰ সন্ধানত আছে বুলি উদঙাই দিছে ৷ সেয়েহে হাগ্ৰামা মহিলাৰীয়ে এগৰাকী যুৱকক দায়িত্ব প্ৰদান কৰি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে ৰাজেশ বৰালে ৷ লগতে বিপিএফ দলৰ হাইকমাণ্ডে প্ৰদান কৰা দায়িত্ব অনুসৰি তেওঁ কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰাৰ লগতে, মুনসিং ব্ৰহ্মই তেওঁলোকৰ দলত কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.