ETV Bharat / state

তামুলপুৰত গহপ্ৰহাৰত মৃত্যু যুৱকৰ

author img

By

Published : Apr 28, 2019, 11:16 PM IST

তামুলপুৰৰ গোৰেশ্বৰত পৰকীয়া প্ৰেমৰ বাবে নৃসংশ হত্যাৰ সন্দেহ । গণপ্ৰহাৰত প্ৰাণ গ’ল বিজু দাসৰ । প্ৰহাৰ কৰাৰ লগতে বিষ পান কৰোৱাৰ সন্দেহ। চাৰিজনক আটক কৰিলে আৰক্ষীয়ে।

তামুলপুৰত গহপ্ৰহাৰত মৃত্যু যুৱকৰ

তামুলপুৰ 28 এপ্ৰিল : তামুলপুৰৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ভোগপুৰত পৰকীয়া প্ৰেমৰ বাবে একাংশ লোকৰ গণ প্ৰহাৰত প্ৰাণ গ’ল 20 বছৰীয়া যুৱক বিজু দাসৰ । জানিব পৰা মতে, যুৱকজনক লাইট পোষ্টত বান্ধি মৰিয়াই মৰিয়াই মূমূৰ্ষ কৰাৰ পাচতো ক্ষান্ত নাথাকি অৱশেষত বিষ পান কৰোৱাৰ সন্দেহ কৰা হৈছে। গোৰেশ্বৰ আৰক্ষী থানাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰত 2 নং ভোগপুৰত সংঘটিত হয় এই জঘন্য ঘটনা।

প্ৰাপ্ত তথ্য মতে, বাক্সা জিলাৰ 2 নং ভোগপুৰৰ বাসিন্দা গাড়ী চালক ম:তাইজুল আলীৰ সৈতে কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰী থানাৰ অন্তৰ্গত মইনাসুন্দৰী গাঁৱৰ গাড়ী হেন্দিমেন বিজু দাসৰে গঢ়ি উঠিছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক । সেই সূত্ৰে চালক তাইজুল আলীৰ ঘৰলৈ সঘনে আহ যাহ চলাইছিল বিজু দাসৰ । এনেকৈয়ে এদিন চালক তাইজুলৰ পত্নীৰ লগত বিজু দাসৰ গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক । এই কথা তাইজুলে গম পাই দুয়োকে সকিয়নীও দিছিল । ইয়াৰ পাচতো দুয়োৰে সম্পৰ্কত ফাট মেলে যদিও তাইজুলৰ পত্নীৰ লগত সংঘাত আহিছিল । বিগত তিনি চাৰি মাহ তাইজুলৰ পত্নী মাতৃৰ ঘৰত থাকি বিজু দাসৰ লগত সম্পৰ্ক বজাই ৰাখিছিল ।

তামুলপুৰত গহপ্ৰহাৰত মৃত্যু যুৱকৰ
তাইজুলে সামাজিক ভাৱে আলোচনা কৰি পুনৰ পত্নীক নিজ গৃহলৈ অনাৰ পাচত বিগত 25 এপ্ৰিলত প্ৰেমিকাক লগ কৰিবলৈ বিজু দাস আহিছিল তাইজুলৰ ঘৰলৈ । বিজু দাসক দেখিয়ে খঙত অগ্নি শৰ্মা হৈ বাক বিতণ্ডা কৰি থাকোতে একাংশ উত্তেজিত লোকে লাইট পোষ্টত বান্ধি গণপ্ৰহাৰ কৰে। আন একাংশ লোকে বাধা প্ৰদান কৰা স্বত্বেও কোনো কথা নুশুনি যুৱক জনক নৃশংসভাৱে প্ৰহাৰ কৰে । এনে সময়তে গোৰেশ্বৰ আৰক্ষীয়ে খবৰ পাই ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মূমূৰ্ষ অৱস্থাত যুৱক জনক উদ্ধাৰ কৰি গোৰেশ্বৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত যুৱক জনে মৃত্যুক সাৱটি লয় ।

লগতে পঢ়ক : ৰাজেন ডেকাক হত্যাৰ অপচেষ্টাঃ আটক জিন্টু মেধি

উল্লেখ্য যে , যুৱক জনক প্ৰহাৰ কৰি বিষ পান কৰোৱা হৈছে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে । অৱশ্যে যুৱক জনে বিষ পান নিজে কৰিছিল নে জোৰ কৈ আনে বিষ পান কৰোৱাইছিল সেই সন্দৰ্ভত আৰক্ষীও নিশ্চিত নহয় ।
বিজু দাসৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি চালক তাইজুল আলী তেওঁৰ পত্নী আৰু দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । তাইজুল আলীয়ে একাংশ লোকৰ প্ৰহাৰত বিজু দাসৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে । এই ঘটনাৰ কেইবাটাও দল সংগঠনে গৰিহণা দিয়াৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

Intro:তামুলপুৰৰ গোৰেশ্বৰত পৰকীয়া প্ৰেমৰ বাবে নৃসংশ হত্যাৰ সন্দেহ।
গণপ্ৰহাৰত প্ৰণ গল বিজু দাসৰ।
প্ৰহাৰ কৰাৰ লগতে বিষ পান কৰোৱাৰ সন্দেহ।
চাৰিজনক আটক কৰিলে আৰক্ষীয়ে।Body:তামুলপুৰ,
২৮/৪/২০১৯,
তামুলপুৰ ৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ভোগপুৰত পৰকীয়া প্ৰেমৰ বাবে একাংশ লোকৰ গন প্ৰহাৰত প্ৰণ গল ২০বছৰীয়া যুৱক বিজু দাসৰ।এই ঘটনাই বৰ্তমান তীব্ৰ চাঞ্চল্জৰ সৃষ্টি কৰিছে।জানিব পৰা মতে যুৱক জনক লাইট পোষ্টত বান্ধি মৰিয়াই মৰিয়াই মুমুৰ্ষ কৰাৰ পিছতো ক্ষান্ত নাথাকি অৱশেষত বিষ পান কৰোৱাৰ সন্দেহ কৰা হৈছে।
গোৰেশ্বৰ আৰক্ষী থানাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আতৰত ২নং ভোগপুৰত সংঘটিত হয় এই জঘন্য ঘটনা।প্ৰপ্ত তথ্য মতে বাক্মা জিলাৰ২নং ভোগপুৰৰ বাসিন্দা গাড়ী চালক ম:তাইজুল আলীৰ সৈতে কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰী থানাৰ অন্তৰ্গত ম ইনাসুন্দৰী গাৱৰ কৃষ্ণ দাসৰ পুত্ৰ গাড়ী হেন্দিমেন বিজু দাসৰ গঢ়ি উঠিছিল চালক হেন্দিমেন ৰ সু সম্পৰ্ক।সেই সুত্ৰে চালক তাইজুল আলীৰ ঘৰলৈ সঘনে আহ যাহ চলাইছিল বিজু দাসে।এনেকৈ য়ে এদিন চালক তাইজুলৰ পত্নী ৰ লগত বিজু দাসৰ গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক।তাইজুলৰ মতে পত্নী আৰু বিজু দাসৰ মাজত গোপন অসামাজিক সম্পৰ্ক আছিল।এই কথা তাইজুলে গম পাই দুয়ো কে সকিয়নীও দিছিল।ইয়াৰ পিছত দুয়ো ৰে সম্পৰ্কত ফাট মেলে যদিও তাইজুলৰ পত্নীৰ লগত সংঘাত আহিছিল।বিগত তিনি চাৰি মাহ তাইজুলৰ পত্নী মাতৃৰ ঘৰত থাকি বিজু দাসৰ লগত সম্পৰ্ক বজাই ৰাখিছিল।
তাইজুলে সামাজিক ভাৱে আলোচনা কৰি পুনৰ পত্নীক নিজ গৃহত অনাৰ পিছত যোৱা২৫এপ্ৰিলত প্ৰেমিকাক লগ কৰিবলৈ বিজু দাস আহিছিল তাইজুলৰ ঘৰলৈ।বিজু দাসক দেখিয়ে খঙত অগ্নি শৰ্মা হৈ বাক বিতন্দ কৰি থাকোতে একাংশ উত্তেজিত লোকে লাইট পোষ্টত বান্ধি গনপ্ৰহাৰ কৰে।আন একাংশ শুভানুধ্যায়ী লোকে বাধা কৰা সত্ত্বেও কোনো কথা নুশুনি যুৱক জনক নৃসংশ ভাবে প্ৰহাৰ কৰে।
এনে সময়তে গোৰেশ্বৰ আৰক্ষীয়ে খৱৰ পাই ততাতয়াকৈ ঘটনা স্থলীত উপস্থিত হৈ মুমুৰ্ষ অৱস্থাত যুৱক জনক উদ্ধাৰ কৰি গোৰেশ্বৰ স্বাস্থ্য কেন্দ্ৰ ত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসা ৰ বাবে গোৱাহাটী মেডিকেল কলেজলৈ নিয়াৰ পথত যুৱক জনে মৃত্যু ক সাৱটি লয়।
উল্লেখ্য যে যুৱক জনক প্ৰহাৰ কৰি বিষ পান কৰোৱা হৈছে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।অৱশ্যে যুৱক জনে বিষ পান নিজে কৰিছিল নে জোৰ কৈ আনে বিষ পান কৰোৱাইছিল আৰক্ষী ও নিশ্চিত নহয়।
বিজু দাসৰ মাতৃ ৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৫২/১২০(B)/৩০২ধাৰাত এক গোচৰ ৰুজু কৰি চালক তাইজুল আলী তেওৰ পত্নী আৰু দুজনক আটক কৰি তদন্ত অৱ্যহত ৰাখিছে।তাইজুল আলীয়ে একাংশ লোকৰ প্ৰহাৰত বিজু দাসৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে।
এই ঘটনাৰ কেইবাটাও দল সংগঠনে গৰিহনা দিয়াৰ লগতে দোষিক শাস্তি দিয়াৰ দাবী জনাইছে।

ভাষ্য----২
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam .Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.