ETV Bharat / state

পাঞ্জাৱ নেচনেল বেংকত ধনৰ ব্যাপক খেলিমেলিৰ অভিযোগ

মদ্যপান কৰি কাৰ্যালয়লৈ আহে বৰমাস্থিত পাঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী,ফলত প্ৰায়ে বেংকটোত ধনৰ ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন গ্ৰাহকৰ ৷

পাঞ্জাৱ নেচনেল বেংকত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Oct 17, 2019, 6:40 PM IST

বৰমা,১৭ অক্টোবৰ: ধনৰ খেলিমেলিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে বৰমাস্থিত পাঞ্জাৱ নেচনেল বেংকৰ শাখাই। তথ্য অনুসৰি চলিত বৰ্ষৰ ১৫ অক্টোবৰত এগৰাকী মহিলাই বেংকত জমা কৰিবলৈ গৈছিল 5000 টকা। পিচে টকা 5000ৰ সলনি মহিলাগৰাকীয়ে ভুলতে কেচিয়াৰক দিয়ে 10000 টকা ৷ মহিলাগৰাকীৰ অভিযোগ অনুসৰি কেচিয়াৰজনে জমা শ্লীপত 5000 টকা লিখি স্বাক্ষৰ কৰি 10000 টকাই জমা ৰাখে ৷ বৃহস্পতিবাৰে গ্ৰাহক গৰাকীয়ে কথাটো জানিবলৈ পায় বেংকলৈ গৈ বেংক পৰিচালক আৰু কেচিয়াৰ গৰাকীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে যদিও এই কথা নুই কৰে বিষয়া দুগৰাকীয়ে। পিচত ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত পৰিচালক গৰাকীয়ে চিচি টিভিৰ ফুটেজ দেখুৱাত গোটেই ঘটনাটো পৰিষ্কাৰ হৈ উঠে ।

পাঞ্জাৱ নেচনেল বেংকত ধনৰ ব্যাপক খেলিমেলিৰ অভিযোগ

কেচিয়াৰ গৰাকীয়ে গ্ৰাহকৰ ওচৰত ভুল স্বীকাৰ কৰি 5000 টকা উভতাই দিয়ে গ্ৰাহক গৰাকীক। গ্ৰাহকগৰাকীৰ অভিযোগ মতে,প্ৰতিদিনে মদ্যপান কৰি কাৰ্যালয়লৈ আহে উক্ত কেচিয়াৰজন। ফলত গ্ৰাহকসকলে প্ৰায়ে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈ হ'বলগীয়া হৈ আহিছে। ইয়াৰ পূৰ্বে কেবাবাৰো অনুৰূপ ঘটনা সংঘটিত হোৱা বুলিও কয় গ্ৰাহক গৰাকীয়ে। তাৰ পিচতো উৰ্দ্ধতন কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন ৰাইজে।

Intro:বৰমা পাঞ্জাব বেংকত ধনৰ খেলিমেলিঃঃ ঘুৰাই দিলে গ্ৰাহকক ধন Body:বৰমাৰ পাঞ্জাৱ নেচনেল বেংকত উত্তপ্ত পৰিস্থিতি । অধিক টকা জমা ৰাখি উভতাই দিলে গ্ৰাহকক।

বৰমা, ১৭ অক্টোবৰঃ
বাক্সা জিলাৰ বৰমাৰ এটি বেংক । যিটো বেংকে সততে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । সেইটো বেংক বৰমাস্হিত পাঞ্জাৱ নেচনেল বেংক । বেংকটোৰ কৰ্মচাৰীৰ কৰ্তব্য গাফিলতিৰ বাবে বাৰে বাৰে গ্ৰাহকে সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে । পুৰ্বৰ নিচিনাকৈ আজিও সংঘটিত হল অনুৰূপ ঘটনা । যোৱা ১৫ অক্টোবৰত এগৰাকী বিধবা মহিলাই পাঁচ হাজাৰ টকা বেংকত জমা ৰাখিবলৈ গৈছিল । পিছে টকা পাঁচ হাজাৰৰ সলনি দহ হাজাৰ টকা ভুলতে দিয়ে কেচিয়াৰক । পাঁচ হাজাৰ লিখা জমা শ্লীপত কেচিয়াৰ গৰাকীয়ে স্বাক্ষৰ কৰি দহ হাজাৰ টকা জমা ৰাখে । গ্ৰাহক গৰাকীয়ে আজি কথাটো জানি বেংকলৈ গৈ পৰিচালক আৰু কেচিয়াৰ গৰাকীক অবগত কৰাত মান্তি নহয় বিষয়া দুগৰাকী । পিছত সাংবাদিক উপস্হিত হোৱাত পৰিচালক গৰাকীয়ে চিচি টিভিৰ ফুটেজ দেখুৱাত গোটেই ঘটনাটো পৰিষ্কাৰ হৈ উঠে । চিচি টিভিৰ ফুটেজত ধৰা পৰে পাঁচ হাজাৰৰ সলনি দহ হাজাৰ লোৱা কথাটো । কেচিয়াৰ গৰাকীয়ে গ্ৰাহকৰ ওচৰত ভুল স্বীকাৰ কৰি পাঁচ হাজাৰ টকা উভতাই দিয়ে পৰিচালক গৰাকীৰ জৰিয়তে । গ্ৰাহকে দাবী কৰা মতে এইগৰাকী কেচিয়াৰে প্ৰতিদিনে মদ্যপান কৰি কাৰ্যালয়লৈ আহে । যাৰ বাবেই নেকি গ্ৰাহক সকলে এনেকুৱা ধৰনৰ সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে । ইয়াৰ পুৰ্বেও কেবাবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল । তাৰ পিছতো উৰ্দ্ধতন কৰ্তৃপক্ষই কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন ৰাইজে ।
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমা পাঞ্জাব বেংকত ধনৰ খেলিমেলিঃঃ ঘুৰাই দিলে গ্ৰাহকক ধন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.