বাক্সা,২৯ মে’: বাক্সা জিলাৰ শালবাৰীৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত সমগ্ৰ শালবাৰী মহকুমাতে জোৰদাৰ কৰি তোলা হৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ বিগত দুটা দিনত বাক্সাৰ শিমলা আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ী আৰু চাৰি ড্ৰাগছ আসক্ত লোকক কৰায়ত্ত কৰিছে । ড্ৰাগছ আসক্তসকলৰ ভিতৰত চাৰিজন শিমলা থানাৰ অন্তৰ্গত এলেকাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰী দুজন বৰপেটা জিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে আমিনুল খান আৰু নবগেশ খান ৷ আনহাতে ড্ৰাগছ আসক্ত চাৰিজন বাক্সা জিলাৰ দৈমালু বসুমতাৰী, দৈমাছা নাৰ্জাৰী, মিৰক ৰয় আৰু সুংথা দৈমাৰী বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত লোককেইজনৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৬.২৯ গ্ৰাম হেৰ’ইন, ১৩ টা ম’বাইল, ৭ টা চিৰিঞ্জ আৰু ৬৮ টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ ।
লগতে পঢ়ক : নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ গুলীয়াগুলি