ETV Bharat / sports

অষ্ট্ৰেলিয়ান অপেনৰ পূৰ্বে 14 দিনৰ কোৱাৰেন্টাইনত থাকিব লাগিব খেলুৱৈসকল

author img

By

Published : Dec 19, 2020, 2:28 PM IST

অষ্ট্ৰেলিয়ান অপেনৰ বাবে খেলুৱৈ সকলে জানুৱাৰীৰ মাজভাগত মেলবৰ্ণত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ আৰু ইয়াৰ পিছতেই তেওঁলোকক দু-সপ্তাহৰ বাবে কোৱাৰেন্টাইনত ৰখা হ’ব ৷ কোৱাৰেন্টাইনৰ এই সময়ছোৱাত খেলিৱৈসকক প্ৰতিদিনে অষ্ট্ৰেলিয়ান অপেন থলীত পাঁচ ঘন্টাকৈ অনুশীলনৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ৷

Australian Open: 14-day quarantine for players confirmed
অষ্ট্ৰেলিয়ান অপেনৰ পূৰ্বে 14 দিনৰ কোৱাৰেন্টাইনত থাকিব লাগিব খেলুৱৈসকল

স্পৰ্টছ ডেস্ক,19 ডিচেম্বৰ: চলিত বৰ্ষৰ প্ৰথম গ্ৰেণ্ড শ্লেম টেনিচ শৃংখলাৰ অষ্ট্ৰেলিয়ান অপেনৰ পূৰ্বে খেলুৱৈসকলে 14 দিনৰ বাবে মেলবৰ্ণত কোৱাৰেন্টাইনত থাকিব লাগিব বুলি নিশ্চিত কৰে ভিক্টোৰিয়ান ৰাজ্য চৰকাৰে ৷ এই শৃংখলাখন পূৰ্ব নিৰ্ধাৰিত তাৰিখতকৈ তিনি সপ্তাহ পলমকৈ 8ৰ পৰা 21 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব | শনিবাৰে ভিক্টোৰিয়ান ৰাজ্য চৰকাৰে কয় যে, মুখ্য স্বাস্থ্য বিষয়াৰ সন্মতিমৰ্মে কোৱাৰেন্টাইনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সকলো খেলুৱৈৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়েই টেনিচ অষ্ট্ৰেলিয়ায়ো এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ৷

খেলুৱৈ সকলে জানুৱাৰীৰ মাজভাগত মেলবৰ্ণত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ আৰু ইয়াৰ পিছতেই তেওঁলোকক দু-সপ্তাহৰ বাবে কোৱাৰেন্টাইনত ৰখা হ’ব ৷ কোৱাৰেন্টাইনৰ এই সময়ছোৱাত খেলিৱৈসকলক প্ৰতিদিনে অষ্ট্ৰেলিয়ান অপেন থলীত প্ৰতিদিনে পাঁচ ঘন্টাকৈ অনুশীলনৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ৷

এক বিবৃতিত প্ৰকাশ কৰা হয় যে, খেলিৱৈসকলৰ লগতে তেওঁলোকৰ সহযোগকাৰীৰ দলসমূহ অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে বাধ্যতামূলকভাৱে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব ৷ লগতে কোৱাৰেন্টাইনৰ সময়ত অতি কমেও পাঁচবাৰ স্বাস্থ্যপৰীক্ষা কৰিব লগিব খেলুৱৈসকলে ৷ যদি তেওঁলোক ক’ভিড পজিটিভ হিচাপে ধৰা পৰে তেন্তে স্বাস্থ্য বিষয়াই সন্মতি প্ৰদান নকৰা পৰ্যন্ত তেওঁলোকক উন্নত কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷

স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি, অষ্ট্ৰেলিয়ান অপেনৰ পূৰ্বে মেলবৰ্ণত ‘এটিপি কাপ’, দুটাকৈ এটিপি ইভেন্ট, দুখন WTA টুৰনামেন্ট অনুষ্ঠিত হ’ব ৷ ইয়াৰ বিপৰীতে এখন WTA টুৰনামেন্ট অষ্ট্ৰেলিয়ান অপেনৰ দ্বিতীয় সপ্তাহত আৰম্ভ হ’ব ৷

লগতে পঢ়ক-AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.