স্পৰ্টছ ডেস্ক, ৩ মাৰ্চ: ২০১২ বৰ্ষত অলিম্পকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ মেৰীকমক আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাৰ চেম্পিয়ন আৰু প্ৰবীণ সমিতিৰ অধ্যক্ষৰ দ্বায়িত্ব অৰ্পণ কৰা হৈছে । সংস্থাৰ ব'ৰ্ড অৱ ডাইৰেক্টৰে ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে মেৰীকম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে ।
আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাৰ সভাপতি ওমৰ ক্ৰেমলেৱে মেৰীকমলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰিছে যে, "মই অতি আনন্দেৰে আপোনাক জনাও যে, AIBAৰ ব'ৰ্ড অৱ ডাইৰেক্টৰৰ মেইল ভোটৰ পিছত আপোনাক AIBAৰ চেম্পিয়ন আৰু প্ৰবীণ সমিতিৰ অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে" ।
জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট মেৰীকমে এই গুৰুত্বপূৰ্ণ সমিতিৰ কাম সফল কৰি তোলাত অৱদান আগবঢ়াৱ বুলি আশা ব্যক্ত কৰে সভাপতিগৰাকীয়ে । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গঠন কৰা সমিতিখনত বিশ্বৰ বহুকেইগৰাকী আগশাৰীৰ প্ৰবীণ বক্সাৰ সদস্য হিচাপে আছে ।
বৰ্তমান কাষ্টেলনৰ বক্সম আন্তৰ্জাতিক টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে মেৰীকম বৰ্তমান স্পেইনত আছে আৰু তেওঁ টুইটযোগে এই সন্মানৰ বাবে আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাৰ চেম্পিয়ন আৰু প্ৰবীণ সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰে । মেৰীকমে তেওঁৰ দ্বিতীয় আৰু অন্তিম অলিম্পিকৰ বাবে শেহতীয়াকৈ যোগ্যতা অৰ্জন কৰিছে । চলিত বৰ্ষৰ জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত টকিঅ'ত অলিম্পিক অনুষ্ঠিত হ'ব ।