ETV Bharat / sports

Asian Games Archery: মিক্সড টিম কম্পাউণ্ড আৰ্চাৰীত সোণৰ পদক লাভ ভাৰতীয় যুটি জ্যোতি-প্ৰবীণৰ - মিক্সড টিম কম্পাউণ্ড আৰ্চাৰী

হাংঝৌ এছিয়ান গেমছত স্বৰ্ণ অৰ্জন ভাৰতৰ ৷ মিক্সড টিম কম্পাউণ্ড আৰ্চাৰীত সোণৰ পদক লাভ ভাৰতীয় যুটি জ্যোতি-প্ৰবীণৰ ৷ ইয়াৰ লগতে এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ৭১টালৈ বৃদ্ধি পাইছে ৷ ইয়াৰ লগতে ২০১৮ চনত জাকাৰ্টা এছিয়ান গেমছত ভাৰতে কৰা শ্ৰেষ্ঠতম প্ৰদৰ্শনক অতিক্ৰম কৰে ৷

Asian Games Archery
মিক্সড টিম কম্পাউণ্ড আৰ্চাৰীত সোণৰ পদক লাভ ভাৰতীয় যুটি জ্যোতি-প্ৰবীণৰ
author img

By ANI

Published : Oct 4, 2023, 1:24 PM IST

স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ: হাংঝৌ এছিয়ান গেমছত বুধবাৰে আন এটা স্বৰ্ণ জয় ভাৰতৰ ৷ মিক্সড টিম কম্পাউণ্ড আৰ্চাৰীত ভাৰতীয় যুটি জ্যোতি ভেনাম সুৰেখা আৰু প্ৰবীণ ওজাছ দেওটালে স্বৰ্ণ অৰ্জন কৰে । জ্যোতি-প্ৰবীণৰ জ্যোতিয়ে দক্ষিণ কোৰিয়াৰ ছ’ চায়ৱন আৰু জু জেহুন যুটিটোক পৰাস্ত কৰি ভাৰতৰ পদক তালিকাত আৰু এটা পদকৰ অৰিহণা যোগায় ৷

ভাৰতীয় যুটি জ্যোতি-প্ৰবীণে দক্ষিণ কোৰিয়াৰ চায়ৱন-জেহুনৰ যুটিটোক প্ৰতিদ্বন্দিতাপূ্ৰ্ণ এনকাউণ্টাৰত এক পইণ্টেৰে পৰাস্ত কৰে । দক্ষিণ কোৰিয়াৰ চায়ৱন-জেহুন ১৫৮ পইন্ট লাভ কৰাৰ বিপৰীতে ভাৰতীয় যুটিটোৱে ১৫৯ পইন্ট সংগ্ৰহ কৰে ৷ চলিত এছিয়ান গেমছত আৰ্চাৰী শাখাত এইটো ভাৰতৰ প্ৰথম সোণৰ পদক । ইয়াৰ লগতে হাংঝৌ এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ৭১টালৈ বৃদ্ধি পাইছে ৷ ইয়াৰ লগতে ভাৰতে ২০১৮ চনত জাকাৰ্টাত এছিয়ান গেমছত(৭০) কৰা নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনক অতিক্ৰম কৰে ৷

জ্যোতি-প্ৰবীণৰ এই বিজয়ত সন্তোষ ব্যক্ত কৰিছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (SAI) ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে X (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত)ত টুইট কৰি মিক্সড টিম কম্পাউণ্ড আৰ্চাৰী যুটি জ্যোতি ভেনাম সুৰেখা আৰু প্ৰবীণ ওজাছ দেওটালক শুভেচ্ছা জনায় ৷

উল্লেখ্য যে, ভাৰতীয় যুটি জ্যোতি ভেনাম সুৰেখা আৰু প্ৰবীণ ওজাছ দেওটালে মিক্সড টিম কম্পাউণ্ড আৰ্চাৰীত মালয়েছিয়ান যুটিটোক ১৫৮ - ১৫৫ পইন্টত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ৷ তেওঁলোকে ছেমি ফাইনেলত কাজাখস্তানৰ এডেল ঝেক্সেনবিনোভা আৰু আন্দ্ৰে ট্যুটিউণ্টোক ১৫৯-১৫৫ পইন্টত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে । ইয়াৰ পাচত আজি ফাইনেলত দক্ষিণ কোৰিয়াৰ ছ’ চায়ৱন আৰু জু জেহুন যুটিটোক পৰাস্ত কৰি স্বৰ্ণ অৰ্জন কৰে ভাৰতৰ জ্যোতি-প্ৰবীণে ৷

লগতে পঢ়ক: Asian Games 2023 : আজি এছিয়ান গেমছত লাভলীনাৰ স্বৰ্ণ যুঁজ; পদকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.