ETV Bharat / sports

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ধ্যান চান্দক স্মৰণ কিৰেণ ৰিজিজুৰ - অলিম্পিয়ান মেজৰ ধ্যান চান্দ

মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত দেশৰ হকী কিংবদন্তি মেজৰ ধ্যান চান্দক তেওঁৰ জন্ম তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ধ্যান চান্দক স্মৰণ কিৰেন ৰিজিজুৰ

author img

By

Published : Aug 29, 2020, 3:38 PM IST

Updated : Aug 29, 2020, 3:52 PM IST

স্পৰ্টছ ডেস্ক, 29 আগষ্ট : দেশৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে ভাৰতৰ অন্যতম হকী কিংবদন্তি খেলুৱৈ তথা অলিম্পিয়ান মেজৰ ধ্যান চান্দক তেওঁৰ 115সংখ্যক জন্ম তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত থকা অলিম্পিয়ান তথা কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ পূৰ্ণাংগ মূৰ্তিত শ্ৰদ্ধা অৰ্পন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

দেশৰ প্ৰতি সন্মান কঢ়িয়াই আনিবলৈ এইগৰাকী মহান খেলুৱৈয়ে তেওঁৰ সৰ্বোচ্চ উজাৰি দিছিল আৰু অলিম্পিকত ভাৰতক পদক বিজয়ী কৰিবলৈ সক্ষম হৈছিল ৷ খেলুৱৈগৰাকীৰ হকীৰ প্ৰতি থকা আত্মসমৰ্পনৰ বাবে ভাৰতীয় স্থলসেনাই তেওঁক সন্মানজনকভাৱে মেজৰ হিচাপে নিযুক্তি দিছিল ৷

আনহাতে ৰিজিজুৱে ধ্যান চান্দক শ্ৰদ্ধা অৰ্পন কৰাৰ লগতে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ প্ৰাইজমানি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ অৰ্জুন আৰু খেল ৰত্ন বঁটাৰ প্ৰাইজমানি 15 লাখৰ পৰা 25 লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷

দেশৰ প্ৰখ্যাত কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ 1905 চনত জন্ম হৈছিল আৰু হকীত তেওঁৰ যাদুকৰী কৌশলৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰিছিল ৷ তেওঁৰ নেতৃত্বতে ভাৰতীয় হকী দলে 1928, 1932 আৰু 1936 চনৰ অলিম্পিকত হকী খেলত সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ জন্ম দিৱসটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি এই দিনটোতে প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ ভিতৰত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা আৰু ধ্যান চান্দ বঁটা আছে আৰু ইয়াৰ দেশৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন খেলুৱৈসকলক প্ৰদান কৰে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত কোন খেলুৱৈয়ে লাভ কৰিব কি সন্মান !

Last Updated : Aug 29, 2020, 3:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.