স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : বাৰ্ছিলোনাৰ তাৰকা খেলুৱৈ লিয়নেল মেছীয়ে অংশগ্ৰহণ কৰিব চেম্পিয়নছ লীগৰ অ'পেনাৰ মেচত ব'ৰোছিয়া ডৰ্টমাণ্ডৰ বিৰুদ্ধে ৷ সোমবাৰে 22 জনীয়া দল ঘোষণা কৰে বাৰ্ছিলোনাৰ মেনেজাৰ আৰ্নেষ্টো ভেলভাৰ্দিয়ে ৷

ক্লাৱৰ বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, দলটোৰ প্ৰশিক্ষণৰ সময়ত মেছী আৰু নেটোক চিকিৎসা বিভাগে সম্পূৰ্ণ সুস্থ ঘোষণা কৰিছে ৷ কিন্তু অ' ডেম্বেলে আৰু ওমটিটিয়ে আঘাতৰ বাবে এই প্ৰতিযাগিতাত অংশ লোৱাৰ পৰা বিৰত থাকিব লগা হয় ৷