ETV Bharat / sports

11 জনুৰ পৰা আৰম্ভ হ'ব লা-লীগাৰ প্ৰথম দুটা ৰাউণ্ড - La Liga to restart with Seville Derby on June 11

COVID-১৯ ৰ পাচতেই লা-লীগাৰ প্ৰথম দুটা ৰাউণ্ডৰ তাৰিখ ঘোষণা । অহা ১১ জুনৰ পৰা আৰম্ভ হ'ব লা-লীগাৰ প্ৰথম দুটা ৰাউণ্ড । জানিব পৰা মতে,দৰ্শক বিহীন ষ্টেডিয়ামত আয়োজন কৰা হ'ব এই প্ৰতিযোগিতা সমূহ ।

La Liga to restart with Seville Derby on June 11

author img

By

Published : Jun 1, 2020, 8:33 PM IST

স্পৰ্টছ ডেস্ক, 1 জুনঃ COVID-১৯ মহামাৰীৰ পাচতেই পুনৰ আৰম্ভ হ'ব স্পেনিছ ফুটবল লা-লীগা । ইতিমধ্যে লীগটোৰ প্ৰথম দুটা ৰাউণ্ডৰ বাবে ঘোষণা কৰা হ'ল দিন । 11 জুনৰ পৰা পুনৰ আৰম্ভ হ'ব স্পেনিছ ফুটবল লা-লীগাৰ দুটা ৰাউণ্ড । প্ৰথমখন মেচত ছেবিলাৰ বিৰুদ্ধে মুখামুখি হ'ব ৰিয়েল বেটিছ । আনহাতে বৰ্তমানৰ চেম্পিয়ন বাৰ্ছিলোনা দলটোৱে অহা ১৩ জুনত ৰিয়েল মাল'ৰ্কাৰ বিৰুদ্ধে খিতাপ ৰক্ষাৰ অভিযান আৰম্ভ কৰিব । আনহাতে 18 জুনত ৰিয়েল মাদ্ৰিডে গৃহভূমিত ৱালেংছিয়াৰ বিৰুদ্ধে মুখামুখি হ'ব ।

জানিব পৰা মতে, এই সকলোবোৰ মেচ দৰ্শক বিহীন ষ্টেডিয়ামত আয়োজন কৰা হ'ব । এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত দুটা ৰাউণ্ডৰ মেচ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

টুৰ্ণামেণ্টখনত বাৰ্চিলোনা দলটো বৰ্তমানলৈকে 27 খন মেচত 58 পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে ৰিয়েল মাদ্ৰিড দলটোৱে 56 পইণ্টৰে দ্বিতীয় আৰু ছেবিলা দলটোৱে 47 পইণ্টেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে চাওকঃ শিলচৰত ভয়ংকৰ ভূমিস্খলনত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.