ETV Bharat / sports

আঘাতপ্ৰাপ্ত নেডাৰলেণ্ডৰ ফুটবলাৰ দালে ব্লাইণ্ড - ভৰিত আঘাতপ্ৰাপ্ত নেডাৰলেণ্ডৰ ফুটবলাৰ দালে ব্লাইণ্ড

নেডাৰলেণ্ড আৰু জিব্ৰাল্টাৰৰ মাজত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ দ্বিতীয়াৰ্ধত আঘাতপ্ৰাপ্ত হয় ব্লাইণ্ড । বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে জনোৱা মতে তেওঁ ইউৰোপীয় চেম্পিয়নশ্বিপৰ বাবে সুস্থ হৈ উঠিব বুলি আশা কৰিছে ।

আঘাতপ্ৰাপ্ত নেডাৰলেণ্ডৰ ফুটবলাৰ দালে ব্লাইণ্ড

author img

By

Published : Apr 2, 2021, 2:30 PM IST

স্পৰ্টছ ডেস্ক ,২ এপ্ৰিল: আঘাটপ্ৰাপ্ত নেডাৰলেণ্ড ফুটবল দলৰ ডিফেণ্ডাৰ দালে ব্লাইণ্ড । ভৰিত আঘাত পোৱাৰ বাবে বছৰটোৰ পৰৱৰ্তী সময়ৰ খেলবোৰৰ পৰা বঞ্চিত হ'ব বুলি ধাৰণা কৰা হৈছে । বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে জনোৱা মতে তেওঁ ইউৰোপীয় চেম্পিয়নশ্বিপৰ বাবে সুস্থ হৈ উঠিব বুলি আশা কৰিছে । নেডাৰলেণ্ড আৰু জিব্ৰাল্টাৰৰ মাজত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ দ্বিতীয়াৰ্ধত আঘাতপ্ৰাপ্ত হয় খেলুৱৈগৰাকী । উল্লেখ্য যে খেল খনত নেডাৰলেণ্ডে ৭ গ'লৰ ব্যৱধানত জয়ী হৈছে ।

খেলুৱৈগৰাকীয়ে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এজাক্স ক্লাৱৰ হৈ তেওঁৰ খেল ইয়াতে সমাপ্ত হৈছে, পৰৱৰ্তী সপ্তাহত তেওঁৰ এটা অস্ত্ৰোপচাৰ কৰা হ'ব।ব্লাইণ্ডে জনোৱা মতে তেওঁৰ বাওঁ ভৰিৰ পতাৰ ওচৰত পেশী চিঙি গৈছে ।

ইফালে এজাক্সে ডাচ লীগত ১১ পইন্টত অগ্ৰগতি কৰি আছে আৰু ১৮ এপ্ৰিলত ভিটেছ আৰনহামৰ সৈতে ফাইনেলত অৱতীৰ্ণ হ'ব । ইউৰোপা লীগতো সুন্দৰভাৱে অগ্ৰগতি লাভ কৰিছে ব্লাইণ্ডৰ এজাক্স ক্লাৱে । কিন্তু ক্লাৱৰ হৈ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খেলত অংশ ল'ব নোৱাৰি কিছুপৰিমাণে হতাশাত ভূগিছে খেলুৱৈগৰাকী ।

লগতে পঢ়ক:কৰ'ণাৰ বাবেই অলিম্পিকৰ আশা ভংগ কেনোয়িং খেলুৱৈ ষ্টেফী ক্ৰিজাৰষ্টেইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.