স্পৰ্টছ ডেস্ক, 26 ছিপ্টেম্বৰঃ বাৰ্চিলোনা তথা লিয়নেল মেছীৰ অনুৰাগীলৈ দুখবৰ ৷ ভৰি আঘাতৰ বাবে অনিৰ্দিষ্ট কাললৈ খেলপথাৰ ত্যাগ বাৰ্চিলোনাৰ তাৰকা ফুটবলাৰ মেছীৰ ৷ বৰ্তমান লৈকে জানিব পৰা হোৱা নাই খেলুৱৈগৰাকী কেতিয়া মানে সম্পূৰ্ণ সুস্থ হৈ উঠিব ৷ লা-লীগাত ভিলাৰিয়েলৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আঘাতপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী ৷
মেছীৰ আঘাত সন্দৰ্ভত ক্লাৱে কয়,
‘‘ভৰিত আঘাতৰ সন্মুখীন হৈছে মেছী ৷ ফলত কিছু দিন খেলপথাৰত নমাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷’’
মঙলবাৰে অনুষ্ঠিত মেচত কেৱল 45 মিনিট খেলপথাৰত অৱতীৰ্ণ হৈছিল মেছী ৷ উল্লেখ্য যে, সোমবাৰে ফিফাৰ পুৰুষৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল লিয়নেল মেছীয়ে ৷