স্পৰ্টছ ডেস্ক,7 এপ্ৰিল: 14 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এএফচি কুৱালিফায়াৰ্চ (AFC Qualifiers) ৰ বাবে প্ৰশিক্ষণৰ উদ্দেশ্যে একগোট হোৱাৰ পাছতে বাংগালুৰু এফচিৰ তিনি গৰাকীকৈ খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ভাৰতীয় ফুটবল ক্লাব বাংগালুৰু এফচিয়ে বুধবাৰে এই কথা সদৰী কৰি কয় যে, দলটোৰ ষ্টাফ মেম্বাৰ আৰু খেলুৱৈসকলৰ মাজত ক'ভিড-19 ৰ সংক্ৰমণ ধৰা পৰিছে ৷ 5 এপ্ৰিলত আৰম্ভ হোৱা বিএফচি ৰ প্ৰশিক্ষণ কেম্প (BFC's training camp) ত খেলুৱৈ তিনিগৰাকী ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷
ফুটবল ক্লাবটোৱে টুইটাৰযোগে খেলুৱৈসকলৰ মাজৰ তিনিগৰাকী ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰি এইবুলি কয়, "Latest COVID-19 tests within the Blues' camp in Goa have shown three positive cases among players and staff," ৷ নিজকে সুৰক্ষিত ৰখাৰ উদ্দেশ্যে বাংগালুৰু এফচিয়ে সম্ভৱপৰ সকলোখিনি সাৱধানতা অৱলম্বন কৰিছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷
14 এপ্ৰিলত বম্ব'লিমত জিএমচি ষ্টেডিয়ামত বিএফচিয়ে নেপাল আৰ্মী ক্লাৱ অথবা শ্ৰীলংকা পুলিচৰ সৈতে মুখামুখি হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বে বিএফচিৰ স্কীপাৰ সুনীল চেত্ৰী ক'ভিড-19 ত আক্ৰান্ত হৈছিল যদিও আৰোগ্য লাভ কৰে ৷
লগতে পঢ়ক: মেক্সৱেলক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে নেতৃত্বৰ সিদ্ধান্ত বহন কৰা উচিত : ভিট’ৰী