ETV Bharat / sports

টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰা খেলুৱৈ কোন বাৰু? - Most of Player of the Match awards in T20I

ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে টি-২০ ফৰ্মেটত সৰ্বাধিক ১৫ বাৰ প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰিছে । জিম্বাবোৱেৰ শিকন্দৰ ৰাজা আৰু আফগানিস্তানৰ মহম্মদ নবী দ্বিতীয় স্থানত আছে ।

Virat Kohli got 15 Player of the Match awards
টি-২০ ফৰ্মেটত সৰ্বাধিক প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰা খেলুৱৈ কোন
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 3:46 PM IST

স্পৰ্টছ ডেস্ক,৮ ডিচেম্বৰ : ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে আন্তৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট খেলা এবছৰৰো অধিক সময় হৈ গ'ল । বিৰাট কোহলীয়ে ২০২২ৰ ১০ নৱেম্বৰত অন্তিমখন আন্তৰ্জাতিক টি-২০ মেচ খেলিছিল । ইংলেণ্ডৰ বিৰুদ্ধে আইচিচি টি-২০ বিশ্বকাপ ২০২২ৰ ছেমি ফাইনেল মেচখন আছিল তেওঁ অন্তিমখন টি-২০ মেচ । এই খেলখনত তেওঁ ৪০ টা বলত ৫০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল । কিন্তু খেলখনত ভাৰতীয় দলটো ১০ উইকেটত পৰাজিত হৈছিল । বিৰাট কোহলী দীৰ্ঘদিন ধৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা আঁতৰি থাকিলেও তেওঁৰ বিস্ফোৰক অভিলেখ এতিয়াও অক্ষত আছে । যি অভিলেখ এতিয়ালৈকে বিশ্বৰ কোনো খেলুৱৈয়ে ভংগ কৰিব পৰা নাই ।

দৰাচলতে বিৰাট কোহলীৰ নামত থকা এই ঈৰ্ষণীয় অভিলেখটো হ’ল টি-২০ ক্ৰিকেটত ১৫ বাৰ প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ। তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ যিয়ে এই বঁটা সৰ্বাধিক বাৰ লাভ কৰিছে । বিৰাটে ১১৫ খন টি-২০ৰ ১০৫ টা ইনিংছত ৪০০৮ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁৰ নামত ১ টা শতক আৰু ৩৭ টা অৰ্ধ-শতক অন্তৰ্ভুক্ত আছে । তেওঁৰ সৰ্বোচ্চ স্ক'ৰ হৈছে ১২২ ৰাণ ।

বিৰাটৰ কোহলীৰ পাছত, টি-২০ ক্ৰিকেটত সৰ্বাধিক প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হৈছে জিম্বাবোৱেৰ সিকন্দৰ ৰাজা আৰু আফগানিস্তানৰ মহম্মদ নবী । এই দুয়োগৰাকী খেলুৱৈ যুটীয়াভাৱে দ্বিতীয় স্থানত আছে । ৰাজা আৰু নবীয়ে ১৪ বাৰকৈ প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰিছে । তেওঁলোক দুয়ো বিৰাট কোহলীৰ পৰা মাত্ৰ এটা বঁটা পিছ পৰি আছে । বিৰাট কোহলীয়ে বৰ্তমান জাতীয় দলৰ হৈ টি-২০ ক্ৰিকেট খেলি থকা নাই আৰু তেওঁ অধিককাল টি-২০ ফৰ্মেটত খেলিব বুলি আশা কৰা হোৱা নাই । এনে পৰিস্থিতিত, ৰাজা আৰু নবীয়ে শীঘ্ৰেই কোহলীৰ এই বিৰাট অভিলেখ ভংগ কৰাৰ সুযোগ পাব ।

আটাইতকৈ বেছি প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰা ৪ গৰাকী খেলুৱৈ-

বিৰাট কোহলী-১৫

সিকন্দৰ ৰাজা-১৪

মহম্মদ নবী-১৪

ৰোহিত শৰ্মা-১২

ডেভিড ৱাৰ্ণাৰ-১১

শ্বাকিব অল হাছান-১১

লগতে পঢ়ক :গৌতম গম্ভীৰ অহংকাৰী আৰু শ্ৰেণীহীন ব্যক্তি; ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তৰ মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.