ETV Bharat / sports

ICC Men's T20 World Cup : পাকিস্তানৰ হাতত শোচনীয় পৰাজয় ভাৰতৰ

ICC Men's T20 World Cup ত পাকিস্তানৰ হাতত পৰাস্ত ভাৰত ৷ 10 উইকেটত জয়লাভ বাবৰ বাহিনীৰ ৷

author img

By

Published : Oct 24, 2021, 7:22 PM IST

Updated : Oct 24, 2021, 11:03 PM IST

india pakistan t-20 cricket match updates

নিউজ ডেস্ক, 24 অক্টোবৰ : কোটি কোটি ক্ৰীড়াপ্ৰেমিক আশাহত কৰি বাবৰ বাহিনীৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে কোহলী বাহিনীৰ ৷ এই পৰাজয়ৰে কোহলী বাহিনীয়ে ৰচনা কৰিলে এক নজিৰ বিহীন ইতিহাস ৷ পাকিস্তানৰ হাতত 10 উইকেটত পৰাস্ত হ’ল ভাৰতীয় ক্ৰিকেট দল ৷ টি-20 বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে এয়াই হৈছে ভাৰতৰ প্ৰথমটো পৰাজয় ৷

টছত জিকি পাকিস্তানৰ অধিনায়ক বাবৰে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় কোহলী বাহিনীক ৷ কিন্তু, পাকিস্তানী বলাৰৰ সমুখত বিৰাট কোহলী আৰু ঋষভ পান্টৰ বাহিৰে ভাৰতৰ কোনো এজন বেটছমেনেই তিষ্ঠি থাকিব নোৱাৰিলে ৷ প্ৰথম অভাৰৰ চতুৰ্থটো বলতে কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হয় হিটমেন খ্যাত ৰোহিত শৰ্মা ৷ একেদৰে, তৃতীয় অভাৰৰ প্ৰথমটো বলত নিজৰ উইকেট হেৰুৱাই পেভিলিয়নলৈ ওভটে একেৰাহে তিনিবাৰকৈ আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী কে এল ৰাহুল ৷

এইদৰে নিয়মীয়া গতিত উইকেট হেৰুৱাবলৈ ধৰে ভাৰতীয় দলটোৱে ৷ বেটিং বিপৰ্যয়ৰ সমুখীন হোৱা দলটোক কিছু স্থিতি প্ৰদান কৰে কোহলী আৰু পন্টে ৷ কোহলীয়ে 57 আৰু পান্টে 39 ৰাণৰ বৰঙণি আগবঢ়ায় দলক ৷ নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত ভাৰতে পাকিস্তানক 152 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

ভাৰতীয় দলে বান্ধি দিয়া লক্ষ্য অনুসৰি সুন্দৰ বেটিঙেৰে পাকিস্তানক জয়ৰ দিশে আগুৱাই লৈ যায় অধিনায়ক বাবৰ আজম আৰু মহম্মদ ৰিজোৱানে ৷ দুয়ো গৰাকী বেটছমেনৰ সমুখত ধৰাসায়ী হৈ পৰে ভাৰতীয় বলিং বিভাগ ৷ 17.05 টা বলত নিজৰ লক্ষ্য অতিক্ৰম কৰি জয়ৰ সোৱাদ ল’লে পাকিস্তানে ৷ পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদীয়ে 31 ৰাণৰ বিনিময়ত 3 টা উইকেট দখল কৰে ৷ তাৰোপৰি হাছান আলীয়ে 2 টা আৰু শ্বাদাব খান আৰু হাৰিছ ৰৌফে এটাকৈ উইকেট দখল কৰে ৷

Last Updated : Oct 24, 2021, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.