ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়াঃ আজি তৃতীয় তথা চূড়ান্ত টি-20ত মুখামুখী হ’ব দুয়ো দল - AUS vs IND

আজি তৃতীয় তথা চূড়ান্ত টি-20 ত অষ্ট্ৰেলিয়াৰ মুখামুখী হ’ব ভাৰতীয় দল ৷ ইয়াৰ পূৰ্বে দুয়োখন টি-20 তে কেংগাৰু বাহিনীক পৰাজিত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে ৷ প্ৰথমখন টি-20 ত 11 ৰাণত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন টি-20 ত হাৰ্ডিক পাণ্ডিয়াৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে 6 উইকেটত জয়লাভ কৰিছিল ভাৰতে ৷

AUS vs IND 3rd T20:hardik pandya improves his chances of inclusion in test squad
ভাৰত বনাম অষ্ট্ৰেলিয়াঃ আজি তৃতীয়খন টি 20ত মুখামুখী হ’ব দুয়ো দল
author img

By

Published : Dec 8, 2020, 10:42 AM IST

স্পৰ্টছ ডেস্ক,8 ডিচেম্বৰঃ মঙলবাৰে তৃতীয়খন টি-20ত অষ্ট্ৰেলিয়াৰ মুখামুখী হ’ব ভাৰতীয় স্কোৱাড ৷ আজিৰ খেলখনত আয়োজক অষ্ট্ৰেলিয়াক ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰমেটত হোৱাইট ৱাছ কৰাৰ সুযোগ লাভ কৰিব বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷

AUS vs IND 3rd T20:hardik pandya improves his chances of inclusion in test squad
হাৰ্দিক পাণ্ডেয়া

ইয়াৰ পূৰ্বে দুয়োখন টি-20ত কেংগাৰু বাহিনীক পৰাজিত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে ৷ প্ৰথমখন টি-20 ত প্ৰথমে বেটিঙেৰে ভাৰতীয় দলটোৱে 11 ৰাণত জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দ্বিতীয়খন টি-20ত হাৰ্ডিক পাণ্ডিয়াৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6 উইকেটত জয় লাভ কৰিছিল ভ্ৰমণকাৰী ভাৰতে ৷

পাণ্ডিয়া এই শৃংখলাৰ তাৰকা হিচাপে পৰিণত হৈছে ৷ তিনিখন এদিনীয়া আৰু দুখন টি-20ত পাণ্ডিয়াই 89.33 গড়েৰে 268 ৰাণ সংগ্ৰহ কৰিছে ৷ তেখেতৰ এই প্ৰদৰ্শনে ভাৰতীয় টেষ্ট ক্ৰিকেটত তেখেতৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা বৃদ্ধি কৰিছে ৷ বৰ্তমানলৈকে ভাৰতীয় টেষ্ট স্কোৱাডৰ অংশ নহয় পাণ্ডিয়া ৷

ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় শৃংখলাত প্ৰথমবাৰৰ বাবে খেলা টি. নটৰাজনেও যথেষ্ট উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ৷ দ্বিতীয়খন টি-20ত নটৰাজনে 2 টা গুৰুত্বপূৰ্ণ উইকেট দখলেৰে অষ্ট্ৰেলিয়া দলটোক 20 ৰাণ প্ৰদান কৰে ৷

ভাৰতীয় দলটোৱে সম্প্ৰতি আঘাতৰ সৈতে মোকাবিলা কৰি আছে ৷ আঘাতৰ বাবে প্ৰথম দুখন টেষ্টত অংশ নলয় ৰোহিত শৰ্মাই ৷ সমান্তৰালকৈ ইশান্ত শৰ্মায়ো আঘাতৰ বাবে ভাৰততে চিকিৎসা গ্ৰহণ কৰি আছে ৷ ইয়াৰ উপৰিও প্ৰথমখন টি-20ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰবীন্দ্ৰ জাডেজায়ো আৰোগ্য লাভ কৰা নাই ৷

ইয়াৰ মাজতে মঙলবাৰে পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মুখামুখী হ’ব ভাৰত ৷ তৃতীয়খন টি-20ৰ বাবে ভাৰতীয় স্কোৱাডত থাকিব- বিৰাট কোহলী(অধিনায়ক), শিখৰ ধাৱান, মায়াংক আগৰৱালা, কে. এল. ৰাহুল, শ্ৰেয়াস আয়াৰ, মনীষ পাণ্ডে, হাৰ্ডিক পাণ্ডিয়া, সঞ্জু ছেমচন, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ ছাহাল, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, দীপক চাহাৰ, টি. নটৰাজন ৷

অষ্ট্ৰেলিয়াৰ টি-20 স্কোৱাড- এৰন ফিঞ্চ(অধিনায়ক), ছীন এব্বট, এষ্টন এগৰ, এলেক্স কেৰী, পেট কামিনছ, কেমেৰন গ্ৰীন, জোশ হেজেলউদ, মোছেছ হেনৰীকছ, গ্লেন মেক্সৱেল, ডনিয়েল সেমছ, কানে ৰিছাৰ্ডছন, ষ্টিভেন স্মিথ, মিটছেল ষ্টাৰ্ক, মাৰ্কাছ ষ্টোইনিছ, মেথিউ ৱেড, ডি আৰ্চি শ্বৰ্ট, আদাম জাম্পা ৷

লগতে পঢ়ক-নটৰাজনক 'মেন অৱ দা মেচ' ঘোষণা কৰিব বুলি ভাবিছিলো : হাৰ্ডিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.