ETV Bharat / sports

ICC World Cup 2023 : ধৰ্মশালাত মঙলবাৰে দক্ষিণ আফ্ৰিকা বনাম নেদাৰলেণ্ড; বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা - ICC World Cup 2023 India

হিমাচল প্ৰদেশত বৰষুণ আৰু তুষাৰপাত আৰম্ভ হৈছে । তাৰ মাজতে দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ মাজত মঙলবাৰে ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপৰ লীগ মেচখন । এনে পৰিস্থিতিত ধৰ্মশালাত নিৰন্তৰ মূষলধাৰ বৰষুণে মঙলবাৰৰ মেচখনৰ বাবে অনিশ্চয়তাৰ ইংগিত বহন কৰিছে ।

ICC World Cup 2023
ICC World Cup 2023
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:23 PM IST

স্পৰ্টছ ডেস্ক, ১৬ অক্টোবৰ : মঙলবাৰে আইচিচি ক্ৰিকেট বিশ্বকাপৰ নিজৰ লীগ মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দক্ষিণ আফ্ৰিকা । আনহাতে, হিমাচল প্ৰদেশত সোমবাৰে পুৱাৰ পৰা বতৰ বেয়া হৈ আছে । কিন্তু মেচখনৰ ঠিক এদিন পূৰ্বে ধৰ্মশালাৰ বতৰৰ অৱনতি ঘটাত মেচখনৰ প্ৰতি শংকাৰ সৃষ্টি হৈছে । ধৰ্মশালাত সোমবাৰে পুৱাৰে পৰা আকাশ মেঘাচ্ছন্ন হৈ আছে । আনহাতে, পুৱাৰে পৰা তীব্ৰ বতাহৰ সৈতে মূষলধাৰ বৰষুণো আৰম্ভ হৈছে । লগতে কুঁৱলী ইমান ঘন যে দৃশ্যমানতা সম্পূৰ্ণৰূপে হ্ৰাস পাইছে । যাৰ বাবে পথত গাড়ী-মটৰসমূহৰ চালকসকলে দিনতো বাহনৰ হেডলাইট জ্বলাবলগা হৈছে ।

ধৰ্মশালাত এই পৰিৱৰ্তনশীল বতৰৰ বাবে মূষলধাৰ বৰষুণ হয় । যাৰ বাবে এইচপিচিএ বিষয়াসকলৰ সমস্যাও বৃদ্ধি পাইছে । মেচখনৰ ঠিক এদিন পূৰ্বে ধৰ্মশালাত মূষলধাৰ বৰষুণে এইচপিচিএৰ উদ্বেগ বৃদ্ধি কৰিছে । কিয়নো দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ মাজত মঙলবাৰে এদিনীয়া বিশ্বকাপৰ লীগ মেচখন অনুষ্ঠিত হ'ব । এনে পৰিস্থিতিত এই বৰষুণে এইচপিচিএৰ আশাত চেঁচাপানী ঢালাৰ সম্ভাৱনা আছে ।

অৱশ্যে এইচপিচিএয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে ধৰ্মশালাত ধাৰাসাৰ বৰষুণ হ'লেও, এইচপিচিএ ক্ৰিকেট ষ্টেডিয়ামত স্থাপন কৰা পানী নিষ্কাশন প্ৰণালীয়ে ২০ মিনিটৰ ভিতৰত খেলপথাৰখন শুকুৱাব আৰু ইয়াক খেলৰ বাবে প্ৰস্তুত কৰিব । তথাপিও নিৰন্তৰ মূষলধাৰ বৰষুণৰ বাবে মঙলবাৰৰ মেচখনত অনিশ্চয়তাৰ ক'লীয়া ডাৱৰে আৱৰি আছে । আনহাতে, এইচপিচিএৰ বিষয়াসকলে মেচখনৰ পূৰ্বে তেওঁলোকৰ প্ৰিয় দেৱতা ইন্দ্ৰনাগৰ শৰণাপন্ন হৈছে আৰু মেচখন সফলতাৰে পৰিচালনাৰ বাবে প্ৰাৰ্থনা কৰিছে । কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনে অনুমান হৈছে যে এইচপিচিএ বিষয়াসকলে পুনৰ এবাৰ ইন্দ্ৰনাগৰ শৰণাপন্ন হ'ব লাগিব ।

ইয়াৰ উপৰি চিমলাৰ বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে হিমাচল প্ৰদেশত ২ দিনৰ বাবে বেয়া বতৰৰ ভৱিষ্যদ্বাণী কৰিছে । বতৰ বিজ্ঞান বিভাগে কাংৰা জিলাৰ উচ্চ অঞ্চলত তুষাৰপাত আৰু তলৰ অঞ্চলবোৰত তীব্ৰ বতাহৰ সৈতে মূষলধাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । হিমাচল প্ৰদেশত বৰষুণ, তুষাৰপাত আৰু বজ্ৰপাতৰ বাবে দুদিনীয়া হালধীয়া সতৰ্কবাণীও জাৰি কৰা হৈছে ।

লগতে পঢ়ক :ICC World Cup 2023 : সংকটৰ পৰা ওলাব পাৰিব নে কেংগাৰু বাহিনী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.