চিটাৰা ডেস্ক, 3 নৱেম্বৰ: ক্ৰিকেট বিশ্বকাপ ২০২৩ ত টিম ইণ্ডিয়াৰ বিজয়ৰ অভিযান এতিয়াও অব্যাহত আছে । এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত টিম ইণ্ডিয়াই ৭ খন খেল খেলে আৰু এই সাতখন খেলতে জয়লাভ কৰি এতিয়া ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটো । চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে টিম ইণ্ডিয়া । ২ নৱেম্বৰত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ৩০২ ৰানত টিম ইণ্ডিয়াৰ বিশাল জয়ক লৈ এতিয়া সমগ্ৰ দেশজুৰি বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশে ৷
ইফালে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত খেলখন উপভোগ কৰা দেখা গ’ল বলীউডৰ বহু তাৰকাক । ইয়াৰ ভিতৰত আছিল তাৰকা ক্ৰিকেটাৰ কে এল ৰাহুলৰ অভিনেত্ৰী পত্নী আথিয়া শ্বেট্টী, শ্বাহিদ কাপুৰ, বিবেক অবেৰয় আৰু কুনাল খেমু । এই তাৰকাসকলে ষ্টেডিয়ামত বহি নিজ চকুৰে দলটোৰ বিশাল জয়ক উপভোগ কৰে ৷ একে সময়তে টিম ইণ্ডিয়াৰ এই বিশাল জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই ।
কি ক’লে অনুষ্কা শৰ্মাই ?
বিৰাট কোহলীৰ তাৰকা পত্নী অনুষ্কা শৰ্মাই ইনষ্টা পোষ্টত টিম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশৰ ছবি শ্বেয়াৰ কৰিছে । এই ছবিখন নিজৰ অফিচিয়েল এক্স-পোষ্টত শ্বেয়াৰ কৰি বিচিচিআইয়ে টিম ইণ্ডিয়াক ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে অভিনন্দন জনাইছে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুষ্কা শৰ্মাই লিখিছে, আমাৰ দল ছেমি ফাইনেলত ।

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিগ বিৰ ডাঙৰ বাৰ্তা
একে সময়তে অমিতাভ বচ্চনে ৱানখেড়ে ষ্টেডিয়ামৰ ছবি শ্বেয়াৰ কৰি তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, মই শ্বাহৰুখ খানৰ জন্মদিনৰ পাৰ্টিলৈ যাবলৈ খৰখেদা কৰিছিলো.. মই ভাৰত বনাম শ্ৰীলংকাৰ মেচ চাই আছো আৰু প্ৰতিগৰাকী খেলুৱৈৰ বাবে সুখী, সকলো ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰা উচিত । সেয়া লাগিলে ছোৱালীয়েই হওক বা ল’ৰাই হওক সকলো ল'ৰা-ছোৱালীকে খেল খেলিবলৈ দিব লাগে, চেম্পিয়ন হওক । ইয়াৰ লগতে বিগ বিয়ে ইউনিচেফ ইণ্ডিয়া, আইচিচি আৰু ক্ৰিকেট বিশ্বকাপৰ টেগ সংযোজন কৰিছে ।
উল্লেখ্য যে, টিম ইণ্ডিয়াই শ্ৰীলংকাক ৫০ অভাৰত ৩৫৮ ৰানৰ লক্ষ্য দিছিল । একে সময়তে সমগ্ৰ শ্ৰীলংকাৰ দলটো মাত্ৰ ৫৫ ৰানতেই স্তব্ধ হৈ পৰে । টিম ইণ্ডিয়াৰ পৰা মহম্মদ ছামীয়ে ৫ টা, ছিৰাজে ৩ টা আৰু বুমৰাহ-জাদেজাই ১ টাকৈ উইকেট দখল কৰে । এই জয়েৰে টিম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ।