নিউজ ডেস্ক, 30 মে': ক্ৰিকেটৰ ভগৱান খ্যাত প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰক পুনৰ দেখা পোৱা যাব বিশ্বকাপ ক্ৰিকেট, 2019 ত ৷ এইবাৰ ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ হিচাপে আত্মপ্ৰকাশ ঘটিব মহান ভাৰতীয় খেলুৱৈ গৰাকীৰ ৷ 'শচীন অ'পেনছ এগেইন' নামৰ এক শ্ব'ৰ জৰিয়তে ষ্টাৰ স্পৰ্টছ চেনেলত অংশগ্ৰহণ কৰিব শচীনে ৷
