ETV Bharat / sports

সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বাংলাদেশৰ ছাকিব অল হাছান

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সোমবাৰে ১২৪ ৰাণৰ এক সুন্দৰ ইনিংছৰ জৰিয়তে বিশ্বকাপ, ২০১৯ ৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ স্থান দখল কৰিলে বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছানে ।

author img

By

Published : Jun 18, 2019, 7:11 PM IST

ছাকিব অল হাছান

নিউজ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ স্থান দখল কৰিলে বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছানে । সোমবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ১২৪ ৰাণৰ ইনিংছ খেলাৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় তেওঁ । সৰ্বমুঠ ৩৮৪ ৰাণ সংগ্ৰহেৰে তালিকাৰ শীৰ্ষ স্থানৰ ছাকিবৰ পাছতে ৩৪৩ ৰাণ সংগ্ৰহেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰণ ফিন্স ।

ETV BHARAT ASSAM
ছাকিব অল হাছান
উল্লেখ্য যে, ৩২ বৰ্ষীয় বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ অল ৰাউণ্ডাৰ ছাকিবে বিশ্বকাপত দূৰ্দান্ত ফৰ্ম প্ৰদৰ্শন কৰি আহিছে । শেহতীয়া ৪ খন মেচত তেওঁ ৭৫, ৬৪, ১২১, ১২৪ ৰাণ সংগ্ৰহ কৰা উপৰি ৫ টাকৈ উইকেটো দখল কৰিবলৈ সক্ষম হৈছে । সোমবাৰে অনুষ্ঠিত মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাংলাদেশে ৭ উইকেটত জয় লাভ কৰিছিল । ছাকিবৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৩২২ ৰাণৰ লক্ষ্য বাংলাদেশে সহজে অতিক্ৰম কৰে । ইয়াৰোপৰি, বিশ্বকাপৰ ৫ খনৰ মেচৰ ২ খনতে বাংলাদেশে জয়ী হোৱাৰ লগতে ২ খনত পৰাস্ত হৈছে আৰু এখন মেচ বৰষুণৰ বাবে বিঘ্নিত হৈছে । জুনৰ ২০ তাৰিখে বাংলাদেশে নটিংহামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজত নামিব ।

SHAKIB BECAME THE HIGHEST RUN SCORER

সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বাংলাদেশৰ ছাকিব অল হাছান

নিউজ ডেস্ক, ১৮ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ স্থান দখল কৰিলে বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছানে । সোমবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ১২৪ ৰাণৰ ইনিংছ খেলাৰ পাছতে এই অভিলেখৰ অধিকাৰী হয় তেওঁ । সৰ্বমুঠ ৩৮৪ ৰাণ সংগ্ৰহেৰে তালিকাৰ শীৰ্ষ স্থানৰ ছাকিবৰ পাছতে ৩৪৩ ৰাণ সংগ্ৰহেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰণ ফিন্স ।

উল্লেখ্য যে, ৩২ বৰ্ষীয় বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ অল ৰাউণ্ডাৰ ছাকিবে বিশ্বকাপত দূৰ্দান্ত ফৰ্ম প্ৰদৰ্শন কৰি আহিছে । শেহতীয়া ৪ খন মেচত তেওঁ ৭৫, ৬৪, ১২১, ১২৪ ৰাণ সংগ্ৰহ কৰা উপৰি ৫ টাকৈ উইকেটো দখল কৰিবলৈ সক্ষম হৈছে ।  

সোমবাৰে অনুষ্ঠিত মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাংলাদেশে ৭ উইকেটত জয় লাভ কৰিছিল । ছাকিবৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৩২২ ৰাণৰ লক্ষ্য বাংলাদেশে সহজে অতিক্ৰম কৰে । ইয়াৰোপৰি, বিশ্বকাপৰ ৫ খনৰ মেচৰ ২ খনতে বাংলাদেশে জয়ী হোৱাৰ লগতে ২ খনত পৰাস্ত হৈছে আৰু এখন মেচ বৰষুণৰ বাবে বিঘ্নিত হৈছে । জুনৰ ২০ তাৰিখে বাংলাদেশে নটিংহামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজত নামিব । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.