নিউজ ডেস্ক, ২৮ জুন : বিশ্বকাপত অপৰাজেয় হৈ ৰোৱা ভাৰতীয় দলে আইচিচিৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । এই যুঁজত দলটোৱে বিশ্বকাপৰ অন্যতম 'ফেভাৰেট' ইংলেণ্ড দলক পৰাভূত কৰি শীৰ্ষ স্থান দখল কৰে । বিশ্বকাপৰ আটাইকেইখন মেচতে ভাৰতে জয়ী হোৱাৰ পৰিৱৰ্তে ইংলেণ্ড দলে বৰ্তমানলৈকে ৭ খন মেচৰ ৪ খনত জয়ী হোৱাৰ লগতে ৩ খনত পৰাস্ত হৈছে ।

উল্লেখ্য যে, ভাৰতে ১২৩ পইন্ট সংগ্ৰহেৰে ৰেংকিঙত শীৰ্ষ স্থান দখল কৰাৰ উপৰি ইংলেণ্ডে ১২২ পইন্ট সংগ্ৰহেৰে দ্বিতীয় স্থান দখল কৰিছে । ইয়াৰোপৰি, নিউজিলেণ্ডে ১১৪ আৰু অষ্ট্ৰেলিয়া দলে ১১২ পইন্ট দখলেৰে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে । ইতিমধ্যে বিশ্বকাপৰ পৰা বাহিৰ হোৱা দক্ষিণ আফ্ৰিকা দলেও ১০৯ পইন্টেৰে পঞ্চম স্থান দখল কৰিছে ।

বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত বিশ্বৰ শীৰ্ষ স্থানৰ দল ভাৰত আৰু ইংলেণ্ডে জুনৰ ৩০ তাৰিখে মুখামুখি হ'ব ।