নিউজ ডেস্ক, 7 জুলাই : ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰা চাৰিটা দল ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ ভিতৰত ভাৰতৰে বিশ্বকাপ খিতাপ দখলৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে শ্ৰীলংকাৰ অধিনায়ক ডিমুথ কৰুণাৰত্নেই ৷ ভাৰতৰ বিৰুদ্ধে দেওবাৰৰ মেচত পৰাস্ত হৈ বিশ্বকাপৰ অভিযান সামৰা শ্ৰীলংকাৰ অধিনায়ক গৰাকীয়ে মেচৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷
ইয়াৰোপৰি, বিশ্বকাপ'19 ত পাঁচটাকৈ শতক অৰ্জন কৰা ৰোহিত শৰ্মাৰো প্ৰশংসা কৰে কৰুণাৰত্নেই ৷ তেওঁক যুৱ খেলুৱৈ সকলৰ আদৰ্শ বুলি মন্তব্য কৰাৰ লগতে জছপ্ৰীত বুমৰাহ আৰু ভূৱনেশ্বৰ কুমাৰৰ বলিঙক প্ৰশংসা কৰে তেওঁ ৷ ভাৰতীয় অ'পেনাৰ যুটীয়ে সুন্দৰ আৰম্ভণি কৰাৰ লগতে নিৰ্ভয়ে বেটিং বিক্ৰম দেখুওৱাৰ বাবে বৃহৎ স্ক'ৰ গঢ়িবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে তেওঁ ৷