ETV Bharat / sports

1975 ৰ পৰা 2015: ক্ৰিকেট বিশ্বকাপ ইতিহাসৰ কিছু অধ্যায় ! - 1975 ৰ পৰা 2015

বিশ্বকাপ ক্ৰিকেটৰ কেইটামান তিতা মিঠা অনুভৱ ৷

1975 ৰ পৰা 2015 : ক্ৰিকেট বিশ্বকাপ ইতিহাসৰ কিছু অধ্যায় !
author img

By

Published : May 30, 2019, 5:27 PM IST

নিউজ ডেস্ক, 29 মে': ইতিমধ্যে আৰম্ভ হৈছে ক্ৰিকেটৰ বিশ্বযুদ্ধ ৷ সুদীৰ্ঘ 28 টা বছৰৰ পাচত পুনৰ ৰাউণ্ড ৰবীন ফৰমেটত খেলিবলৈ সাজু বিশ্বৰ শীৰ্ষ 10 টা দল ৷ পূৰ্বৰ তুলনাত এইবাৰৰ বিশ্বকাপ অধিক আকৰ্ষিত আৰু উত্তেজনাপূৰ্ণ হ'ব বুলি অনুমান কৰিছে বিশ্বৰ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে ৷ 1975 চনৰ পৰা বৰ্তমানলৈকে বিশ্বকাপৰ বহু তিতা মিঠা অনুভৱক সামৰি আমাৰ এই আলোচনা !

ETV BHARAT ASSAM
ভাৰতীয় ক্ৰিকেট দল

ডি চকাৰ টেগ: বিশ্বকাপ ক্ৰিকটৰ ইতিহাসত সবাতোকৈ দুৰ্ভাগ্যজনক দল আখ্যা দিয়া হয় দক্ষিণ আফ্ৰিকাক ৷ কেইবাবাৰো জয়ৰ দুৱাৰদলিত থিয় হৈও আত্মবিশ্বাসৰ অভাৱত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল দলটো ৷ 1992 চনৰ বিশ্বকাপত পোনপ্ৰথম বাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল দক্ষিণ আফ্ৰিকা ৷ পোন প্ৰথমে জয়ৰ বাবে দক্ষিণ আফ্ৰিকাক প্ৰয়োজন আছিল 22 ৰাণৰ ! ইমানতেই খেলখনত বৰষুণে বিধি পথালি ঘটোৱাত "মষ্ট প্ৰডাক্টিভ অ'ভাৰ"ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাক 1 বলত 22 ৰাণৰ প্ৰয়োজন হয় আৰু ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয় দক্ষিণ আফ্ৰিকা ৷

ETV BHARAT ASSAM
দক্ষিণ আফ্ৰিকা ক্ৰিকেট দল

হান্সি ক্ৰোণি বিবাদ : দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন তথা অধিনায়ক হান্সি ক্ৰোণিয়ে 1999 চনৰ বিশ্বকাপ ক্ৰিকেটত এক বিবাদত সোমাই পৰিছিল ৷ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত হান্সি ক্ৰোণিয়ে আম্পায়াৰৰ অজ্ঞাতে হেডফোন ব্যৱহাৰ কৰিছিল আৰু সেই সময়ৰ প্ৰশিক্ষক বব উলমাৰৰৰ পৰা খেল সম্পৰ্কে নিৰ্দেশনা লাভ কৰি আছিল ৷ ঘটনাৰ উমান পাই ভাৰতৰ প্ৰাক্তন খেলুৱৈ সৌৰভ গাংগুলীয়ে আম্পায়ৰক জনোৱাতহে তেওঁৰ হেডফোন আঁতৰাবলৈ নিৰ্দেশ দিয়া হয় ৷

ETV BHARAT ASSAM
বব উলমাৰ

বব উলমাৰৰ ৰহস্যজনক মৃত্যু : ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ বব উলমাৰে 2007 চনৰ বিশ্বকাপত পাকিস্তান দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আছিল ৷ তেখেতে ইংলেণ্ডৰ হৈ 19 খন ষ্টেট মেচ আৰু 6 এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল ৷ 2007 চনৰ বিশ্বকাপত পাকিস্তান দল গ্ৰুপ মেচৰ পৰাই বাহিৰ হোৱাৰ পাছতে বব উলমাৰৰ ৰহস্যজনক মৃত্যু ঘটিছিল ৷ বহুতেই তেওঁৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব বিচাৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ৰ তদন্তত তেওঁৰ মৃত্যু এক গতানুগতিক ঘটনা বুলি প্ৰমাণ হৈছিল ৷

ETV BHARAT ASSAM
শ্বেন ৱাৰ্ণ

ড'পিং টেষ্টত বিফল শ্বেন ৱাৰ্ণ : 2003 চনৰ বিশ্বকাপ ক্ৰিকেট আৰম্ভ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ স্পীন বলাৰ শ্বেন ৱাৰ্ণ ড'পিং টেষ্টত বিফল হৈছিল ৷ ইয়াৰ পাছতে দক্ষিণ আফ্ৰিকাৰ পৰা ৱাৰ্ণক অষ্ট্ৰেলিয়ালৈ পঠিয়াই দিয়াৰ লগতে 1 বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ দলৰ এই বিপৰ্যয়ৰ পাছতো অষ্ট্ৰেলিয়া দলে বিশ্বকাপৰ ট্ৰফী ঘৰলৈ নিবলৈ সক্ষম হৈছিল ৷

ETV BHARAT ASSAM
ভাৰতীয় ক্ৰিকেট দল

ভাৰত বনাম বাংলাদেশ ন' বল কাণ্ড : 2015 চনৰ বিশ্বকাপত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল মেচত ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাক আম্পায়াৰে আউট হোৱা স্বত্বেও আউট ঘোষণা কৰা নাছিল ৷ ইয়াৰ ফলতে ভাৰতীয় খেলুৱৈ গৰাকীয়ে 137 ৰাণৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে নিজ দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই ঘটনাৰ পাছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ইয়াৰ বিৰোধিতা কৰাৰ লগতে মন্তব্য কৰিছিল যে, আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবেই তেওঁৰ দলে পৰাজয়বৰণ কৰিবলগা হয় ৷

5 CONTROVERSIES OF CRICKET WORLD CUP

1975 ৰ পৰা 2015 : ক্ৰিকেট বিশ্বকাপ ইতিহাসৰ কিছু অধ্যায় !

নিউজ ডেস্ক, 29 মে' : ইতিমধ্যে আৰম্ভ হৈছে ক্ৰিকেটৰ বিশ্বযুদ্ধ ৷ সুদীৰ্ঘ 28 টা বছৰৰ পাচত পুনৰ ৰাউণ্ড ৰবীন ফৰমেটত খেলিবলৈ সাজু বিশ্বৰ শীৰ্ষ 10 টা দল ৷ পূৰ্বৰ তুলনাত এইবাৰৰ বিশ্বকাপ অধিক আকৰ্ষিত আৰু উত্তেজনাপূৰ্ণ হ'ব বুলি অনুমান কৰিছে বিশ্বৰ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে ৷ 1975 চনৰ পৰা বৰ্তমানলৈকে বিশ্বকাপৰ বহু তিতা মিঠা অনুভৱক সামৰি আমাৰ এই আলোচনা !

ডি চকাৰ টেগ : বিশ্বকাপ ক্ৰিকটৰ ইতিহাসত সবাতোকৈ দুৰ্ভাগ্যজনক দল আখ্যা দিয়া হয় দক্ষিণ আফ্ৰিকাক ৷ কেইবাবাৰো জয়ৰ দুৱাৰদলিত থিয় হৈও আত্মবিশ্বাসৰ অভাৱত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল দলটো ৷ 1192 চনৰ বিশ্বকাপত পোনপ্ৰথম বাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল দক্ষিণ আফ্ৰিকা ৷ পোন প্ৰথমে জয়ৰ বাবে দক্ষিণ আফ্ৰিকাক প্ৰয়োজন আছিল 22 ৰাণৰ ! ইমানতেই খেলখনত বৰষুণে বিধি পথালি ঘটোৱাত "মষ্ট প্ৰডাক্টিভ অ'ভাৰ"ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাক 1 বলত 22 ৰাণৰ প্ৰয়োজন হয় আৰু ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয় দক্ষিণ আফ্ৰিকা ৷
 
হান্সি ক্ৰোণি বিবাদ : দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন তথা অধিনায়ক হান্সি ক্ৰোণিয়ে 1999 চনৰ বিশ্বকাপ ক্ৰিকেটত এক বিবাদত সোমাই পৰিছিল ৷ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচত হান্সি ক্ৰোণিয়ে আম্পায়াৰৰ অজ্ঞাতে হেডফোন ব্যৱহাৰ কৰিছিল আৰু সেই সময়ৰ প্ৰশিক্ষক বব উলমাৰৰৰ পৰা খেল সম্পৰ্কে নিৰ্দেশনা লাভ কৰি আছিল ৷ ঘটনাৰ উমান পাই ভাৰতৰ প্ৰাক্তন খেলুৱৈ সৌৰভ গাংগুলীয়ে আম্পায়ৰক জনোৱাতহে তেওঁৰ হেডফোন আঁতৰাবলৈ নিৰ্দেশ দিয়া হয় ৷  

বব উলমাৰৰ ৰহস্যজনক মৃত্যু : ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ বব উলমাৰে 2007 চনৰ বিশ্বকাপত পাকিস্তান দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আছিল ৷ তেখেতে ইংলেণ্ডৰ হৈ 19 খন ষ্টেট মেচ আৰু 6 এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল ৷ 2007 চনৰ বিশ্বকাপত পাকিস্তান দল গ্ৰুপ মেচৰ পৰাই বাহিৰ হোৱাৰ পাছতে বব উলমাৰৰ ৰহস্যজনক মৃত্যু ঘটিছিল ৷ বহুতেই তেওঁৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব বিছাৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ৰ তদন্তত তেওঁৰ মৃত্যু এক গতানুগতিক ঘটনা বুলি প্ৰমান হৈছিল ৷

ড'পিং টেষ্টত বিফল শ্বেন ৱাৰ্ণ : 2003 চনৰ বিশ্বকাপ ক্ৰিকেট আৰম্ভ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ স্পীন বলাৰ শ্বেন ৱাৰ্ণ ড'পিং টেষ্টত বিফল হৈছিল ৷ ইয়াৰ পাছতে দক্ষিণ আফ্ৰিকাৰ পৰা ৱাৰ্ণক অষ্ট্ৰেলিয়ালৈ পঠিয়াই দিয়াৰ লগতে 1 বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ দলৰ এই বিপৰ্যয়ৰ পাছতো অষ্ট্ৰেলিয়া দলে বিশ্বকাপৰ ট্ৰফী ঘৰলৈ নিবলৈ সক্ষম হৈছিল ৷

ভাৰত বনাম বাংলাদেশ ন' বল কাণ্ড : 2015 চনৰ বিশ্বকাপত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল মেচত ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাক আম্পায়াৰে আউট হোৱাৰ স্বত্তেও আউট ঘোষণা কৰা নাছিল ৷ ইয়াৰ ফলতে ভাৰতীয় খেলুৱৈ গৰাকীয়ে 137 ৰাণৰ এক সুন্দৰ ইনিংছ খেলাৰ লগতে নিজ দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই ঘটনাৰ পাছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ইয়াৰ বিৰোধিতা কৰাৰ লগতে মন্তব্য কৰিছিল যে, আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবেই তেওঁৰ দলে পৰাজয়বৰণ কৰিবলগা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.