ETV Bharat / sports

আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ ৰেংকিঙৰ শীৰ্ষ 12 ত ফখৰ জামান - ICC ODI ৰেংকিঙ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 193 ৰাণ সংগ্ৰেহেৰে আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ বেটছমেনৰ ৰেংকিঙত শীৰ্ষ 12 ত স্থান লাভ পাকিস্তানৰ অপেনাৰ ফখৰ জামানৰ ৷ জোহান্সবাৰ্গত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 193 ৰাণ সংগ্ৰহ কৰি এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে জামান ৷

Zaman climbs seven places in ICC ODI rankings after 193 against SA
ICC ODI ৰেংকিঙৰ শীৰ্ষ 12 ত ফখৰ জামান
author img

By

Published : Apr 7, 2021, 6:12 PM IST

স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল: জোহান্সবাৰ্গত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 193 ৰাণ সংগ্ৰহ কৰি পাকিস্তানৰ অপেনাৰ ফখৰ জামানে সাতটাকৈ স্থান অতিক্ৰম কৰি আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ বেটছমেন ৰেংকিঙত শীৰ্ষ 12 ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেষৰ অভাৰত ৰান আউট হোৱাৰ পূৰ্বে জামানে এদিনীয়া ইনিংছত সৰ্বাধিক স্ক'ৰ কৰাৰ অভিলেখ ভংগ কৰে ৷

প্ৰথম দুখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেছত দক্ষিণ আফ্ৰিকান কেম্পৰ পৰা ৰাছি ভান ডেৰ ডুছেনৰ 123 নট আউট আৰু ৬০ ৰাণৰ ইনিংছে তেওঁক কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ২২ তম স্থানত উপনীত হোৱাত সহায় কৰে ৷ দ্বিতীয়খন খেলত স্কিপাৰ টেম্বা বাভুমাৰ 92 ৰাণেও তেওঁক বেটিঙৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ৮৮ তম স্থানত উপনীত হোৱাত সহায় কৰে ৷

ব'লাৰ সকলৰ ভিতৰত পেচাৰ আনৰিচ নৰ্টজে 4-51 আৰু 3-63 ৰে শৃংখলা আৰম্ভ কৰি 427 পইন্ট সংগ্ৰহ কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ 73 তম স্থানলৈ আগুৱাই যোৱাৰ সমান্তৰালকৈ হেৰিছ ৰৌফে প্ৰথম দুখন এদিনীয়াত পাঁচটা উইকেট দখল কৰি 143 তম স্থান লাভ কৰে ৷

খেলখনৰ টি 20 আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত ফিন এলেনে বাংলাদেশৰ বিৰুদ্ধে বৰষুণৰ দ্বাৰা প্ৰভাৱিত তৃতীয়খন খেলত 29 টা বলত 71 ৰাণ কৰি বিশ্বৰ শীৰ্ষ 100 বেটছমেনৰ তালিকাত প্ৰৱেশ কৰে ৷ তেওঁৰ দলীয় সতীৰ্থ টিম চাউথিয়ে বাংলাদেশৰ বিৰুদ্ধে চূড়ান্ত খেলখনত 3-15 সংগ্ৰহ কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ 669 টা পইন্টেৰে শীৰ্ষ ষষ্ঠ স্থানত অৱতীৰ্ণ হয় ৷

লগতে পঢ়ক: বাংগালুৰু এফচিৰ তিনি গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.