ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক ঘোষণা ধোনীক - অষ্ট্ৰেলিয়াৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক ঘোষণা ধোনীক

অষ্ট্ৰেলিয়া ক্ৰিকেটৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে ধোনীক ৷ এই তালিকাত স্থান লাভ কৰিছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাইও ৷

উইকেট-কীপাৰ বেটছমেন
এম. এছ. ধোনী
author img

By

Published : Dec 24, 2019, 10:27 AM IST

স্পৰ্টছ ডেস্ক, 24 ডিচেম্বৰ : উইকেট-কীপাৰ বেটছমেন এম. এছ. ধোনীক অষ্ট্ৰেলিয়া ক্ৰিকেটৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে ৷ ইয়াৰোপৰি, মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰা এই তালিকাত স্থান লাভ কৰিছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাইও ৷

এই সম্পৰ্কত ক্ৰিকেট অষ্ট্ৰেলিয়াই কয়,"দশকটোৰ শেষৰফালে ধোনীয়ে বহু ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম নহ'লেও ভাৰতৰ এদিনীয়া ক্ৰিকেট ইতিহাসত তেওঁ এক প্ৰভাৱশালী শক্তি ৷ 2011 চনত ভাৰতীয় ক্ৰিকেটে বিশ্বকাপত সফলতা লাভ কৰাৰ মূল কাৰণ আছিল ধোনী ৷"

উল্লেখ্য যে, 38 বৰ্ষীয় ধোনীয়ে বিশ্বকাপ ক্ৰিকেট অন্ত পৰাৰ পাচতে জাতীয় দলৰ পৰা বিৰতি গ্ৰহণ কৰি আছে ৷ অষ্ট্ৰেলিয়া ক্ৰিকেটে ঘোষণা কৰা দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেট দলটোত অ'পেনাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাক ৷ আনহাতে,দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এ বি ডি ভিলিয়াৰ্ছক চতুৰ্থ স্থানৰ খেলুৱৈ হিচাপে ঘোষণা কৰা হৈছে ৷

ভাৰতীয় অধিনায়ক
বিৰাট কোহলী

অষ্ট্ৰেলিয়াৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দল-ৰোহিত শৰ্মা,হাছিম আমলা,বিৰাট কোহলী,এ বি ডি ভিলিয়াৰ্ছ,ছাকিব অল হাছান,জ'ছ বাটলাৰ,এম. এছ. ধোনী(অধিনায়ক),মিটছেল ষ্টাৰ্ক,ট্ৰেন্ট বল্ট,লাছিথ মালিংগা,ৰছিদ খান ৷

ভাৰতীয় ক্ৰিকেটাৰ
ৰোহিত শৰ্মা

আনহাতে,অষ্ট্ৰেলিয়া ক্ৰিকেটে ঘোষণা কৰা দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল-এলিষ্টেয়াৰ কুক,ডেভিদ ৱাৰ্ণাৰ,কেন উইলিয়ামছন,ষ্টিভ স্মিথ, বিৰাট কোহলী (অধিনায়ক),এ বি ডি ভিলিয়াৰ্ছ,বেন ষ্টোকছ,ডেল ষ্টেইন,ষ্টুৱাৰ্ট ব্ৰড,নাথান লিয়ন,ডেমছ এণ্ডাৰছন ৷

আৰু পঢ়ক : গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.