স্পৰ্টছ ডেস্ক, ৫ মাৰ্চঃ অসমৰ ভূমিত ক্ৰিকেট খেলিবলৈ আহি ইংলেণ্ড মহিলা ক্ৰিকেটাৰৰ ভ্ৰমণ পবিতৰা অভয়াৰণ্যলৈ । অসম গৌৰৱ এশিংঙীয়া গড় চোৱাৰ লগতে জীপ আৰু হাতী ছাফাৰীৰো উপভোগ কৰিলে ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোৰ খেলুৱৈয়ে ।
তৃতীয়খন টি-২০ শৃংখলাত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে অসমলৈ আহিছে ইংলেণ্ড দলটো । ইতিমধ্য়ে সোমবাৰে অনুষ্ঠিত হোৱা টি-20 শৃংখলাৰ প্ৰথমখন মেচত ৪১ ৰানেৰে জয় লাভ কৰি ১-০ অগ্ৰগতি লবলৈ সক্ষম হয় ইংলেণ্ডে। জয়ৰ পিচতেই ক্ৰিকেটাৰ দলটো উপস্থিত হয় পবিতৰাত । আনহাতে শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব ৭ মাৰ্চত ।