ETV Bharat / sports

উইছডন ট্ৰফী : 2-1 ব্যৱধানত শৃংখলা দখল ইংলেণ্ডৰ

author img

By

Published : Jul 29, 2020, 5:20 AM IST

মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্টত শোচনীয় পৰাজয় ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ৷ লক্ষ্য অতিক্ৰম কৰি ধৰাশায়ী কেৰিবিয়ান দলটো ৷ 269 ৰানৰ বিশাল জয় লাভৰে 2-1 ব্যৱধানত শৃংখলা দখল ইংলেণ্ডৰ ৷

england reached number three in-icc world test championship

স্পৰ্টছ ডেস্ক, 29 জুলাই : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম খন টেষ্ট মেচত জয় লাভ কৰি তিনিখন মেচৰ টেষ্ট শৃংখলা দখল ঘৰুৱা দল ইংলেণ্ডৰ ৷ তৃতীয়খন টেষ্টত 269 ৰানৰ বৃহৎ জয়ৰে 2-1 ব্যৱধানত উইছডন ট্ৰফী লাভ ৰুট বাহিনীৰ ৷ ইয়াৰ লগে-লগে আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাতো তৃতীয় স্থানলৈ উত্তীৰ্ণ হ’ল ইংলেণ্ড দলটো ৷ ইংলেণ্ডৰ বৰ্তমান 226 পইণ্ট থকাৰ বিপৰীতে ভাৰতৰ 360 আৰু অষ্ট্ৰেলিয়াৰ আছে 296 পইণ্টছ ৷

উইছডন ট্ৰফীৰ সৈতে ইংলেণ্ডৰ অধিনায়ক ৰুট
উইছডন ট্ৰফীৰ সৈতে ইংলেণ্ডৰ অধিনায়ক ৰুট

মেচখনত ইংলেণ্ড দলটোৰ হৈ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ষ্টুৱাৰ্ড ব্ৰড আৰু ক্ৰীছ ৱক্ছে ৷ ক্ৰীছ ৱক্ছে দ্বিতীয় ইনিংছ পাঁচটা উইকেট লাভ কৰাৰ বিপৰীতে ষ্টুৱাৰ্ড ব্ৰডে দ্বিতীয় ইনিংছত লাভ কৰে 4 টা উইকেট ৷ দুয়োটা ইনিংছত মুঠ 10 টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ব্ৰডে ৷

500 টা আন্তঃৰাষ্ট্ৰীয় টেষ্ট উইকেট দখল
500 টা আন্তঃৰাষ্ট্ৰীয় টেষ্ট উইকেট দখল

2013 চনৰ পাচত প্ৰথমবাৰৰ বাবে 10 টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে ব্ৰডে ৷ ইয়াৰ উপৰিও ব্ৰডে এই মেচখনতেই নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ 500 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজ বেটছমেন ক্ৰীগ ব্ৰেথৱেটক আউট কৰি এই কৃতিত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ আনহাতে মেচখনৰ ইংলেণ্ডৰ প্ৰথম ইনিংছত 33 টা বলত অৰ্ধশতক অৰ্জন কৰি ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেট দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা যুটীয়া ভাৱে তৃতীয়গৰাকী খেলুৱৈৰো গৌৰৱ লাভ কৰে ব্ৰডে ৷

সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে মেন অফ দ্য মেচৰ লগতে ইংলেণ্ডৰ প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ব্ৰডক ৷ আনহাতে ৱেষ্ট ইণ্ডিজৰ হৈ প্লেয়াৰ অফ দ্য মেচ লাভ কৰে ৰষ্টান চেজে ৷

ৱেষ্ট ইণ্ডিজ অধিনায়ক আৰু ইংলেণ্ড অধিনায়ক

শৃংখলাখনত ৱেষ্ট ইণ্ডিজ দলটোৱে শক্তিশালী আৰম্ভ কৰি শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিছিল যদিও সেই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ ব্যৰ্থ হয় ৷ ফলত তিনিখন মেচৰ টেষ্ট শৃংখলাখনত অৱশেষত 2-1 ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় হল্ডাৰ নেতৃত্বাধীন দলটো ৷

তৃতীয় খন টেষ্ট মেচৰ স্ক’ৰকাৰ্ড :

  • ইংলেণ্ড প্ৰথম-আৰু দ্বিতীয় ইনিংছ : 369 আৰু 226/2 ইংনিছ ঘোষণা
  • ৱেষ্ট ইণ্ডিজ প্ৰথম আৰু দ্বিতীয় ইনিংছ : 197 আৰু 129
  • ফলাফল : 269 ৰানত জয় লাভ ইংলেণ্ড

লগতে চাওক-যুঁজাৰু বিমান ৰাফেল..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.