স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃ আগন্তুক নিউজিলেণ্ড টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দলৰ ৷ দেওবাৰে মুম্বাইত বিচিচিআইয়ে ঘোষণা কৰে 16 জনীয়া ভাৰতীয় দলৰ সদস্য ৷ ৰোহিত শৰ্মা আৰু মহম্মদ শ্বামীৰ দলত প্ৰত্যাৱৰ্তন হোৱাৰ বিপৰীতে দলত স্থান লাভ নকৰিলে সঞ্জু ছেমচনে ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে 5 খন টি-20 মেচত অৱতীৰ্ণ হোৱাৰ লগতে 3 খন এদিনীয়া আৰু 2 খন টেষ্ট মেচত মুখামুখি হ’ব ৷ বৰ্তমানলৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ বাবে ঘোষণা কৰা হোৱা নাই দল ৷

টি-20 ভাৰতীয় দলটোঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃঅঃ), কে.এল ৰাহুল, শিখৰ ধাৱন, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), শিৱম ডুবে, কুলদ্বীপ যাদৱ, যুজৱেন্দ্ৰ চহল, ৱাশ্বিংটন সুন্দৰ, ৰবিন্দ্ৰ জাডেজা, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, নৱদ্বীপ চাইনী আৰু শাৰ্দুল ঠাকুৰ ৷
- লগতে চাওক- খেল’ ইণ্ডিয়া য়ুথ গেমছৰ পদক তালিকা