ETV Bharat / sports

মহম্মদ ছামীৰ বিৰুদ্ধে কলিকতা আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

কলিকতাৰ আলিপুৰ আদালতে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা ৷ ছামীৰ প্ৰাক্তন পত্নী হাছিন জাহানে ৰুজু কৰা ঘৰুৱা হিংসাৰ গোচৰৰ ভিত্তিত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয় ৷ এই গ্ৰেপ্তাৰী পৰোৱানাৰ ভিত্তিত ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে আত্মসমৰ্পনৰ লগতে জামিন আবেদনৰ বাবে 15 দিনৰ সময়সীমা লাভ কৰিছে ৷

author img

By

Published : Sep 2, 2019, 7:42 PM IST

মহম্মদ ছামীৰ বিৰুদ্ধে কলিকতা আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

স্পৰ্টছ ডেস্ক, 2 ছেপ্তেম্বৰ : কলিকতাৰ আলিপুৰ আদালতে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা ৷ ছামীৰ প্ৰাক্তন পত্নী হাছিন জাহানে ৰুজু কৰা ঘৰুৱা হিংসাৰ গোচৰৰ ভিত্তিত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয় ৷ এই গ্ৰেপ্তাৰী পৰোৱানাৰ ভিত্তিত ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে আত্মসমৰ্পনৰ লগতে জামিন আবেদনৰ বাবে 15 দিনৰ সময়সীমা লাভ কৰিছে ৷

ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামী

উল্লেখ্য যে, 2018 চনত মহম্মদ ছামীৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নী হাছিন জাহানে ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছিল ৷ আইপিচি ধাৰা 498এ ৰ অধীনত ছামী আৰু তেওঁ ভাতৃৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছিল ৷ এই দোষাৰোপৰ পাছতো মহম্মদ ছামীয়ে আদালতৰ আগত হাজিৰ নোহোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয় ৷

ছামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতে হাছিন জাহান আৰু ছামীয়ে সংবাদ মাধ্যমৰ জৰিয়তে তীব্ৰ বাক্যবাণত লিপ্ত হৈ পৰিছিল ৷ ইয়াৰোপৰি, 2019 চনৰ এপ্ৰিল মাহত ছামীৰ গৃহত প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে উত্তৰ প্ৰদেশৰ অমৰোহা আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছিল হাছিন জাহানক ৷ কিন্তু অৱশেষত তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.