স্পৰ্টছ ডেস্ক, 14 আগষ্ট : আইপিএলৰ অনুৰাগীৰ বাবে আছে এক দুঃখবৰ ৷ ক’ভিড-19 ৰ নীতি-নিয়ম অনুসৰি আইপিএলৰ প্ৰাৰম্ভিক পৰ্যায়ত অংশগ্ৰহণৰ পৰা বিৰত থাকিব এৰণ ফিন্স, ডেভিড ৱাৰ্ণাৰ, ষ্টিভ স্মিথ সহ 12 গৰাকীকৈ অষ্ট্ৰেলিয়ান খেলুৱৈ ৷
অৱশ্যে দলটোৰ জেষ্ঠ সহায়ক প্ৰশিক্ষক এণ্ড্ৰিও মেক্ডনাল্ডক ক্ৰিকেট অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ ভ্ৰমণৰ পৰা অব্যাহতি দিয়ে যাৰ বাবে তেওঁ ৰাজস্থান ৰয়েলছ দলৰ সৈতে জড়িত হ’বলৈ সক্ষম হ’ব ৷ মেক্ডনাল্ড হৈছে ৰাজস্থান দলৰ মুখ্য প্ৰশিক্ষক ৷

আনহাতে অষ্ট্ৰেলিয়ান খেলুৱৈৰ ভিতৰত ষ্টিভ স্মিথ ৰাজস্থান ৰয়েলছ দলত অন্তৰ্ভুক্ত থকাৰ বিপৰীতে ডেভিদ ৱাৰ্ণাৰ ৰাজস্থান ৰয়েলছত, পেট কামিন্স কলকাতা নাইট ৰাইডাৰ্ছত, গ্লেন মেক্সৱেল কিংছ ইলেভেন পাঞ্জাৱ, মিছেল মাৰ্ছ ছানৰাইজ হায়দৰাবাদত, জ’ছ ফিলিপে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰত, কেন ৰিচাৰ্ডছন ছানৰাইজাৰ্ছ হায়দৰাবাদত, এলেক্স কেৰী আৰু মাৰ্কাছ ষ্ট’ইনিছ দিল্লী কেপিটেলছত, জ’ছ হেজেলৱুড চেন্নাই চুপাৰ কিংছত আৰু এণ্ড্ৰিও টাই আছে ৰাজস্থান ৰয়েলছ দলত ৷
ইপিনে ইতিমধ্যে তিনিবাৰৰ চেম্পিয়ন ধোনীৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ দলটোৰ খেলুৱৈ সকল এক সপ্তাহৰ অনুশীলন শিবিৰত অংশ গ্ৰহণৰ বাবে চেন্নাইত উপস্থিত হৈছে ৷
উল্লেখ্য যে, কৰ’ণা ভাইৰাছৰ বাবে সংযুক্ত আৰৱ আমিৰেটত এইবাৰ অনুষ্ঠিত হ’ব 2020 বৰ্ষৰ ত্ৰয়োদশ আইপিএল ৷ চলিত বৰ্ষৰ 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব এই বৰ্ষৰ আইপিএলৰ প্ৰতিযোগিতা ৷ অহা 20 আগষ্টৰ পৰা ইউএইলৈ উৰা মাৰিব দল সমূহ ৷