ETV Bharat / sitara

মুম্বাইৰ Oshiwara শ্মশানত সম্পন্ন হ'ব সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়া

author img

By

Published : Sep 3, 2021, 2:18 PM IST

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বৃহস্পতিবাৰে মৃত্যুক সাৱটিলে দুৰদৰ্শন তাৰকা সিদ্ধাৰ্থ শুক্লাই ৷ ইতিমধ্যে কুপাৰ হাস্পতাল(Cooper Hospital)ৰ পৰা মুম্বাইস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে শুক্লাৰ নশ্বৰদেহ ৷ বিগ বছ তাৰকাগৰাকীৰ অন্তিম যাত্ৰাৰ বাবে সাজু কৰি তোলা হৈছে পুস্পসজ্জিত বাহন ৷ মুম্বাইৰ ওশিৱাৰা শ্মশান(Oshiwara crematorium)ত সম্পন্ন হ'ব বালিকা বধুৰ অভিনেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৷

Sidharth Shukla's last rites to be held at Mumbai's Oshiwara crematorium
মুম্বাইৰ Oshiwara শ্মশানত সম্পন্ন হ'ব সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়া

চিটাৰা ডেস্ক , 3 ছেপ্তেম্বৰ : হাজাৰ হাজাৰ অনুৰাগীক হতচকিত কৰি বৃহস্পতিবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিলে দুৰদৰ্শন তাৰকা সিদ্ধাৰ্থ শুক্লাই ৷ সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুক এইপৰ্যন্ত কোনেও সহজভাৱে ল'ব পৰা নাই ৷ শেহতীয়া খবৰ অনুসৰি শুক্লাৰ নশ্বৰদেহ কুপাৰ হাস্পতাল(Cooper Hospital)ৰ পৰা তেওঁৰ মুম্বাইস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে আৰু মুম্বাইৰ ওশিৱাৰা শ্মশান(Oshiwara crematorium)ত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন হ'ব ৷

প্ৰাপ্ত খবৰ অনুসৰি, বালিকা বধুৰ অভিনেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ব্ৰহ্ম কুমাৰী(Brahma Kumari)ত সম্পন্ন হোৱাৰ কথা আছিল, কিন্তু, অনুমতিৰ সমস্যাৰ বাবে এতিয়া ওশিৱাৰাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব ৷ বিগ বছ তাৰকাগৰাকীৰ(Bigg Boss star) অন্তিম যাত্ৰাৰ বাবে পুস্পসজ্জিত এখন বাহন প্ৰস্তুত কৰি উলিওৱা হৈছে ৷

sidharth shukla's last rites to be held at mumbais oshiwara crematorium
বিগ বছ তাৰকাগৰাকীৰ অন্তিম যাত্ৰাৰ বাবে সাজু কৰি তোলা হৈছে পুস্পসজ্জিত বাহন

দীৰ্ঘদিন ধৰি চলি থকা টেলিভিশ্বন ধাৰাবাহিক বালিক বধু( Balika Vadhu)ত ৰূপায়ন কৰা চৰিত্ৰৰ বাবে জনাজাত বিগ বছ ১৩ ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ সময়ত বয়স আছিল 40 বছৰ ৷ কুপাৰ হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পুৱাৰ ভাগত অভিনেতাগৰাকীক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল ৷

লগতে পঢ়ক : কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?

জনপ্ৰিয় ৰিয়েলিটি শ্ব' ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ৭(Fear Factor: Khatron Ke Khiladi 7)তো শুক্লাই জয়লাভ কৰিছিল ৷ সাৱধান ইণ্ডিয়া(Savdhaan India) আৰু ইণ্ডিয়াজ গট টেলেণ্ট(India's Got Talent) আদি অনুষ্ঠানো তেওঁ হ'ষ্ট কৰিছিল ৷ বৃহস্পতিবাৰে পুৱা প্ৰতিভাশালী অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সৈতে জড়িত কলা-কুশলীৰ লগতে অনুৰাগীৰ মন্তব্যৰে সামাজিক মাধ্যম ভৰি পৰিছে ৷

শুক্লাৰ মৃত্যুৰ এদিন পাচত অৰ্থাৎ শুকুৰবাৰে শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ শুক্লাৰ মৃত্যুৰ পাচতে সহকৰ্মী আৰু বন্ধুবৰ্গই তেওঁৰ মুম্বাইস্থিত বাসগৃহৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ কুপাৰ চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ আহি পোৱালৈ শগুফতা জাৰিৱালা(Shagufta Jariwala), দেৱলীনা ভট্টাচাৰ্য(Devoleena Bhattacharjee), আলি গোনি(Aly Goni), জেছমিন ভাছিন(Jasmin Bhasin), অৰ্জুন বিজলানি(Arjun Bijlani) আদি বহু অভিনেতা অভিনেত্ৰীক অপেক্ষাৰত অৱস্থাত দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : Miss You Sidharth : সিদ্ধাৰ্থৰ মৃত্যুত শোকস্তব্ধ বি-টাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.