ETV Bharat / sitara

হায়াত হাস্পতালত কঁকাল ভাঙি বিহু নাচিলে মাধুৰিমা চৌধুৰী আৰু চেতনা দাসে - etv bharat

হায়াত হাস্পতালৰ চৌহদত ৰঙালীৰ ৰং ৰইচ ৷ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ লগতে অসমীয়া ছবি জগতৰ জেষ্ঠ অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু চেতনা দাসৰ লগতে হাস্পতালৰ ৰোগী কৰ্মচাৰীয়ে উদযাপন কৰিলে প্ৰাক ৰঙালী উৎসৱ ৷

etv bharat
author img

By

Published : Apr 10, 2019, 4:56 PM IST

গুৱাহাটী, 10 এপ্ৰিলঃ ৰাজ্যত এফালে লোকসভা নিৰ্বাচনৰ ঢৌ, আনফালে আৱেগৰ ব’হাগীক আদৰিবলৈ অপেক্ষাৰত অসমবাসী ৷ এনেসময়তে বুধবাৰে হায়াত হাস্পতালৰ উদ্যোগত হাস্পতালখনৰ চৌহদত হায়াত ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেশ্যন, হায়াত প্ৰতিবেশী সমাজৰ সহযোগত হাস্পতালৰ ৰোগী আৰু কৰ্মচাৰীৰ সৈতে ৰঙালীক আদৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া, লগতে অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু চেতনা দাসে ৷ কণ্ঠশিল্পী অনুপম শইকীয়াৰ বিহু গীতত বুধবাৰে মুখৰিত হ’ল হাস্পতাল চৌহদ ৷ কন্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে অসমীয়া ছবি জগতৰ জেষ্ঠ অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু চেতনা দাসৰো আপোন ভোলা নৃত্য ৷ ইফালে কৌতুক অভিনেত্ৰী চেতনা দাসৰ কৌতুকে উপস্থিত সকলোকে আনন্দ দিয়ে ৷ তিনিওগৰাকী শিল্পীৰ গীত আৰু নৃত্যত বাৰুকৈয়ে উৎফুল্লিত হৈ পৰে ৰোগীৰ লগতে কৰ্মচাৰীসকলো ৷ এই অনুষ্ঠানৰ আঁত ধৰে ডাঃ হেমজিৎ তালুকদাৰে ৷ বুধবাৰে দিনৰ ভাগত অনুষ্ঠিত এই প্ৰাক ৰঙালী অনুষ্ঠানত উপস্থিত থাকে হাস্পতালখনৰ সঞ্চালক অয়স্কান্ত চক্ৰৱৰ্তী, হায়াত ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেশ্যনৰ অধ্যক্ষা দীপালি দাস, হায়াত হাস্পতালৰ মহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্ত ৷

হায়াত হাস্পাতালত কঁকাল ভাঙি ভাঙি বিহু নাচিলে মাধুৰিমা চৌধুৰী আৰু চেতনা দাসে

উল্লেখ্য যে, প্ৰত্যেক বছৰে হায়াত হাস্পতালে হাস্পতালখনৰ চৌহদত উদযাপন কৰি আহিছে প্ৰাক ৰঙালী অনুষ্ঠান ৷ ৰোগী তথা অভিভাৱক সকলৰ সুবিধাৰ্থে অনুষ্ঠিত কৰি আহিছে এই অনুষ্ঠান ৷ এই অনুষ্ঠানত অসমীয়া ছবি জগতৰ তিনিওগৰাকী শিল্পীয়ে ৰোগীক বিতৰণ কৰে ৰঙালী বিহুৰ পিঠা-পনা ৷ ৰঙালীৰ ৰং ৰইচৰ মাজতে শিল্পীসকলে উপস্থিত সকলোকে আগন্তক লোকসভা নিৰ্বাচনত সকলোকে অংশগ্ৰহণ কৰাৰ লগতে বিবেক ভোট প্ৰদানৰ বাবে আহ্বান জনায় ৷

Intro:হায়াত হাস্পাতালত সংগীত শিল্পী অনুপম শইকীয়াৰ বিহু গীতত কঁকাল ভাঙি নাচিলে মাধুৰীমা চৌধুৰী আৰু চেতনা দাসে। অসমীয়া ছবি জগতৰ শিল্পী সকলৰ লগতে হাস্পাতালখনৰ কৰ্মচাৰী আৰু ৰোগী সকলেও অনুপমৰ গীতত মুগ্ধ হোৱা দেখা গ'ল।

Body:দেশত বৰ্তমান বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। ৰাজনৈতিক দল সমূহ ব্যস্ত দিল্লীত চৰকাৰ গঠন কৰাকলৈ। অসমতো এতিয়া উজনিৰ পৰা নামনিলৈকে সকলো ব্যস্ত লোকসভা নিৰ্বাচনকলৈ। লোকসভা নিৰ্বাচনৰ সমান্তৰালে ৰাজ্যবাসী ব্যস্ত ৰঙালীক আদৰিবলৈ। ৰাজ্যৰ চুকে কোনে ৰঙালীক আদৰিবলৈ প্ৰস্তুত সকলো। গুৱাহাটীৰ হায়াত হাস্পাতালত প্ৰতিবছৰৰ দৰে আজি উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু। হাস্পাতালখনৰ ৰোগী সকলক লগত বিহু উদযাপন কৰে জনপ্ৰিয় সংগীত শিল্পী অনুপান শইকীয়া, কৌতুক অভিনেত্ৰী চেতনা দাস আৰু অভিনেত্ৰী মাধুৰিমা চৌধুৰী। হায়াত হাস্পাতালৰ ৰোগী সকলৰ লগতে অনুপম শইকীয়াৰ গীতত নৃত্য পৰিবেশন কৰে অভিনেত্ৰী চেতনা দাস আৰু মাধুৰিমা চৌধুৰীয়ে। অসমীয়া ছবি জগতৰ তিনিও গৰাকী শিল্পীয়ে ৰোগী সকলৰ মাজত বিহু উপলক্ষে পিঠা বিতৰণো কৰে।

বাইট ; মাধুৰিমা চৌধুৰী, অভিনেত্ৰী

Conclusion:বিহু উদযাপনৰ লগতে তিমিও গৰাকী শিল্পীয়ে অসমবাসী ৰাইজক লোকসভা নিৰ্বাচনত বিবেক ভোটদানৰো আহ্বান জনায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.