ETV Bharat / sitara

বিগত ৪-৫ বছৰৰ পৰাই আমি পৃথকে আছো : আলিয়া ছিদ্দিকী - নৱাজুদ্দিন ছিদ্দিকী

শেহতীয়াকৈ বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীক বিবাদ-বিচ্ছেদ আৰু ভৰণ-পোষণৰ বাবে আইনী জাননী প্ৰেৰণ কৰাৰ পাচতেই পুনৰ মুখ খুলিছে পত্নী আলিয়া ছিদ্দিকীয়ে । বিগত ৪-৫ বছৰৰ পৰাই দুয়োয়ে পৃথকে-পৃথকে থকাৰ কথা উল্লেখ কৰে আলিয়াই ।

We've been living apart for last 4-5 years: Nawazuddin's wife Aaliya Siddiqui

author img

By

Published : May 24, 2020, 3:23 PM IST

চিটাৰা ডেস্ক, ২৪ মে' : বলীউডৰ তাৰকা নৱাজুদ্দিন ছিদ্দিকী আৰু আলিয়া ছিদ্দিকীৰ সম্পৰ্কলৈ পুনৰ মুখ খুলিছে পত্নী আলিয়া ছিদ্দিকীয়ে । বিগত ৪-৫ বছৰৰ পৰাই দুয়ো পৃথকে-পৃথকে বাস কৰি আছে বুলি কয় পত্নী আলিয়া ছিদ্দিকীয়ে । এখন টিভি চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে আলিয়াই ।

  • To begin with let me clarify that I am not into "ANY RELATIONSHIP" with any MAN; and any media report which make such claims, are absolutely false.

    It appears that some section of the media have manipulated with my photograph to make such ridiculous claims to divert attention.

    — AaliyaSiddiqui2020 (@ASiddiqui2020) May 20, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আলিয়াই কয়, মই যোৱা ১৫ দিন পূৰ্বে নৱাজলৈ বিবাদ-বিচ্ছেদৰ এক জাননী প্ৰেৰণ কৰিছো । কিন্তু মানুহে নাজানে যে, আমি বিগত চাৰি-পাঁচ বছৰ ধৰি পৃথকে-পৃথকে থকাৰ কথাটো । পৃথক হোৱাৰ পাচৰে পৰা ইয়াৰি ৰোডৰ মোৰ ঘৰৰ কাষৰ নিজৰ কাৰ্যালয়তে নৱাজুদ্দিন বাস কৰি আছিল । সেই সময়ত সঘনাই আমাৰ ঘৰলৈ আহ-জাহ আছিল অভিনেতাগৰাকীৰ । যাৰ বাবে সকলোৱে আমি ভালদৰে একেলগে বাস কৰি থকা বুলি অনুমান কৰি আহিছিল ।

  • I am now learning to stand up & speak for myself, be strong, for the sake of my children

    I have not done any wrong till date & therefore I am not worried

    However I do not appreciate anyone harming my reputation or character to save someone else. Money can't buy truth.

ইয়াৰ লগতে আলিয়াই কয়, বিবাহ সম্পন্ন হোৱাৰ পাচৰে পৰাই আমাৰ সম্পৰ্কত সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছিল । নৱাজুদ্দিনৰ লগতে তেওঁৰ ভাতৃৰো মহিলাক কেনেকৈ সন্মান কৰিব লাগে সেই জ্ঞান নাই বুলি বিস্ফোৰক মন্তব্য় দাঙি ধৰে আলিয়াই । আমাৰ সম্পৰ্কত পত্নীক দিবলগীয়া সন্মান কেতিয়াও মই নৱাজুদ্দিনৰ পৰা নাপালো আৰু এই সম্পৰ্কৰ মাজত মই মোৰ আত্ম-সন্মানো হেৰুৱাই পেলালো বুলি উল্লেখ কৰে অভিনেতাগৰাকীৰ পত্নীয়ে ।

আনহাতে শেহতীয়াকৈ প্ৰচাৰ পোৱা এক খবৰ অনুসৰি পিয়ুষ পাণ্ডে আৰু আলিয়াৰ মাজত এক প্ৰেমজনিত ভাল সম্পৰ্ক আছে । কিন্তু এনে ধৰণৰ খবৰক দুয়োয়ে খণ্ডন কৰিছে ।

উল্লেখ্য় যে, আলিয়াৰ অধিবক্তা অভয় শাহাইয়ে যোৱা ৭ মে'ত মেইল আৰু ৱাট্ছএপ যোগে ডাইভৰ্চ পেপাৰ পঠিওবা বুলি উল্লেখ কৰিছিল । লগতে নৱাজুদ্দিনে সেই জাননী আওকান কৰা বুলিও প্ৰকাশ কৰিছিল অধিবক্তাগৰাকীয়ে । দুয়োৰে মাজত সম্পৰ্কত ফাট মেলাৰ কাৰণ উল্লেখ কৰা হোৱা নাছিল যদিও বহু কেইটা গুৰুত্বপূৰ্ণ কাৰণ থকাৰ লগতে পৰিয়ালৰ দৃষ্টি ভংগীৰে অতি সংবেদনশীল বুলি উল্লেখ কৰা হৈছিল ।

আলিয়া আৰু নৱাজুদ্দিন ছিদ্দিকীৰ যোৱা ২০০৯ চনত বিবাহ পাশত আৱদ্ধ হৈছিল । দুয়োৰে এটা পুত্ৰ আৰু এটি কন্যা সন্তানো আছো ।বৰ্তমান নাৱাজুদ্দিন ছিদ্দিকী আৰু তেওঁৰ পৰিয়াল বুধানা মুজাফাৰনগৰ জিলাত কোৱাৰেণ্টাইন হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.