ETV Bharat / sitara

সুশান্তৰ মৃত্যুৰ বাবে উদ্যোগটোৰ এটা শ্ৰেণীক দোষাৰূপ কৰাটো অনুচিতঃচনু চুড

অভিনেতা চনু চুড,যি ছবি উদ্যোগটোত নিজৰ এটা স্থান বনাবলৈ এটা দীঘলীয়া পথ অতিক্ৰম কৰি আহিছে ৷ সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৰ পিছত চলি থকা বাদ বিবাদ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে অভিনেতা চনু চুডে ৷বলীউডৰ ইনচাইডাৰ বনাম আউটচাইডাৰ বিবাদখনলৈ লক্ষ্য কৰি অভিনেতাগৰাকীয়ে কয় যে, "কাৰোবাৰ মৃত্যুৰ বাবে এনেদৰে এটা শ্ৰেণীক দোষাৰূপ কৰাটো উচিত নহয় ৷"

author img

By

Published : Jun 29, 2020, 2:09 PM IST

Unfair to blame section of industry for Sushant's death: Sonu Sood
অভিনেতা চনু চুড

চিটাৰা ডেস্ক,29 জুনঃ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত দেশৰ বিভিন্ন মহলত বলীউডৰ ভাই-ভতিজাবাদ সন্দৰ্ভত ব্যাপক আলোচনা হৈছে ৷ এই বিবাদ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে অভিনেতা চনু চুডে ৷ অভিনেতা চনু চুডেও গডফাডাৰ অবিহনে ছবিজগতত নিজৰ বাট প্ৰশস্ত কৰিছে ৷ তেওঁ নিজে এগৰাকী আউটচাইডাৰ হৈ মন্তব্য প্ৰকাশ কৰিছে যে, "মানুহে সুশান্তৰ মৃত্যুৰ বাবে এনেদৰে যাকে তাকে ধৰি লৈ দোষাৰূপ কৰাটো উচিত হোৱা নাই ৷ "

শেহতীয়াকৈ এটা বিশেষ সাক্ষাৎকাৰ যোগে অভিনেতা চনু চুডে সুশান্তৰ কথা কওঁতে নিজৰ জীৱনৰ জটিল সময়খিনি মনত পেলাই লগতে কয় যে,"আপুনি লাগিলে যিমানেই প্ৰতিভাশালী নহওক কিয় উদ্যোগটোত নিজৰ পৰিচয় বনোৱাটো যথেষ্ট কঠিন ৷" তেওঁ কথাৰ পৰা এইটো অনুমান হয় যে, উদ্যোগটোৰ বাহিৰৰ বহু কম সংখ্যকেহে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউডত পুনৰ বাৰ ভাই-ভতিজাবাদক লৈ বিবাদৰ সূত্ৰপাত হয় ৷ এই বাদ বিবাদ সন্দৰ্ভত চনু চুডক নিজৰ প্ৰতিক্ৰিয়া সোধাত তেওঁ কয় কাৰোবাৰ মৃত্যুৰ বাবে এনেদৰে এটা শ্ৰেণীক দোষাৰূপ কৰাটো উচিত নহয় ৷

উদ্যোগটোত তিষ্ঠি থকাৰ ক্ষেত্ৰত বহিৰাগতৰ দুগুণ কষ্ট হোৱাৰ কথা স্বীকাৰ কৰিছে অভিনেতাগৰাকীয়ে৷ কিন্তু তেওঁ এইটো কথাও কৈছে যে," সুশান্তৰ মৃত্যুৰ বাবে যি সকল লোকক দোষী সাব্যস্ত কৰি থকা হৈছে ,তেওঁলোকৰে বহুজনে উদ্যোগটোত বহুজনক নতুন জীৱনো দি থৈছে ৷"

পঞ্জাৱৰ ফিৰোজপুৰ-লুধিয়ানা ঘাইপথৰ কাষত থকা এখন সৰু চহৰত বাস কৰা চনু চুডে কয় যে,"সুশান্তৰ মৃত্যু এটা যথেষ্ট ডাঙৰ ট্ৰেজেদী ৷ অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিছত মানুহৰ মাজত ভীষণ ক্ৰোধ ভৰি পৰিছে ৷ কিন্তু কোনে তেওঁক মৃত্যুৰ বাবে থেলি দিছে এই সন্দৰ্ভত এজনে আনজনক দোষ দিয়া 'ব্লেম গেম' খেলিব নালাগে বুলি মন্তব্য কৰে অভিনেতা চনু চুডে ৷ "
লগতে পঢ়কঃঅডিচনত কেতিয়াও বিফল নোহোৱা সুশান্তক গভীৰ শ্ৰদ্ধাঞ্জলী মুকেশ ছাৱৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.